১২৮ বছৰৰ পাছত অলিম্পিকত ঐতিহাসিক প্ৰত্যাৱৰ্তন কৰিবলৈ ওলাইছে ক্ৰিকেটে । লছ এঞ্জেলছ ২০২৮ অলিম্পিক গেমছত অন্তৰ্ভুক্ত হ’ব ক্ৰিকেট । ১৯০০ চনৰ পেৰিছ অলিম্পিকৰ পিছত এইবাৰ ক্ৰিকেটক অলিম্পিকত অন্তৰ্ভুক্ত কৰা হ’ব । তেতিয়া ইয়াত মাত্ৰ এখন মেচ খেলা হৈছিল ।
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে নিশ্চিত কৰিছে যে ১২৮ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ক্ৰিকেট অলিম্পিক গেমছলৈ ঘূৰি আহিব, য’ত পুৰুষ আৰু মহিলা উভয় শাখাত ছটা দলে অংশগ্ৰহণ কৰিব । এই ইভেন্টত মুঠ ৯০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ।
লছ এঞ্জেলছ অলিম্পিকত অন্তৰ্ভুক্ত হ’বলগীয়া পাঁচটা নতুন খেলৰ ভিতৰত ক্ৰিকেট অন্যতম । ইয়াৰ উপৰিও স্কোয়াছ, ফ্লেগ ফুটবল, বেছবল/চফটবল আৰু লেক্ৰছ আদি অন্তৰ্ভুক্ত কৰা হৈছে । অলিম্পিকত ক্ৰিকেটৰ অৰ্হতাৰ মাপকাঠী এতিয়াও চূড়ান্ত হোৱা নাই ।
টেষ্ট আৰু এদিনীয়া ফৰ্মেটৰ দৰে নহয়, টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰায় ১০০খন দেশে খেলে, যাৰ বাবে অৰ্হতা প্ৰক্ৰিয়া যথেষ্ট প্ৰত্যাহ্বানজনক হৈ পৰিছে । বিশেষ কথাটো হ’ল আয়োজক হিচাপে আমেৰিকাই প্ৰতিযোগিতাখনত প্ৰত্যক্ষ প্ৰৱেশ লাভ কৰিব পাৰে ।
লছ এঞ্জেলছ অলিম্পিকৰ বাবে অনুষ্ঠিত হ’বলগীয়া ইভেণ্ট প্ৰগ্ৰেমত বুধবাৰে (৯ এপ্ৰিল) আই অ’ চিৰ কাৰ্যবাহী ব’ৰ্ডে অনুমোদন জনায় । ২০২৮ চনৰ অলিম্পিকত মুঠ ৩৫১টা পদক ইভেণ্ট অনুষ্ঠিত হ’ব । যিটো পেৰিছ অলিম্পিকতকৈ ২২ টা বেছি । আই অ’ চিয়ে ঘোষণা কৰে যে মূল এথলীট কোটা ১০,৫০০ ত থাকিব, পাঁচটা নতুন খেলৰ বাবে অতিৰিক্ত ৬৯৮ খেলুৱৈ আবণ্টন দিয়া হ’ব ।
শেহতীয়াকৈ বহু ক্ৰীড়া ইভেণ্টত ক্ৰিকেটৰ পুনৰ আগমন ঘটিছে । ২০২২ চনৰ বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত প্ৰথমবাৰৰ বাবে মহিলা ক্ৰিকেটক অন্তৰ্ভুক্ত কৰা হয় । য’ত অষ্ট্ৰেলিয়াই স্বৰ্ণ আৰু ভাৰতে ৰূপৰ পদক লাভ কৰে । ২০২৩ চনত হাংঝুত অনুষ্ঠিত এছিয়ান গেমছত ১৪টা পুৰুষৰ দল আৰু ৯টা মহিলা দলে অংশগ্ৰহণ কৰিছিল, য’ত ভাৰতে দুয়োটা শাখাতে স্বৰ্ণ পদক লাভ কৰিছিল ।
২০২১ চনৰ পৰা আৰম্ভ হৈছিল এই প্ৰক্ৰিয়া-
২০২১ চনৰ আগষ্ট মাহত ক্ৰিকেটক লছ এঞ্জেলছ গেমছত অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয় । তাৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে আনুষ্ঠানিকভাৱে ইয়াক অন্তৰ্ভুক্ত কৰাৰ অভিযান আৰম্ভ কৰে । ইয়াৰ ফলত আই চি চি আৰু এল এ ২৮ আয়োজক সমিতিৰ মাজত সহযোগিতামূলক প্ৰচেষ্টা আৰম্ভ হয় আৰু ২০২৩ চনৰ অক্টোবৰ মাহত ইয়াৰ শিখৰত উপনীত হয় । তাৰ পিছত ক্ৰিকেটক পাঁচটা নতুন খেলৰ ভিতৰত অন্যতম হিচাপে আনুষ্ঠানিকভাৱে প্ৰস্তাৱ কৰা হয় ।
ইতিমধ্যে আই চি চিৰ অধ্যক্ষ জয় শ্বাহে ব্রিজবেন ২০৩২কে ধৰি ভৱিষ্যতৰ অলিম্পিক গেমছত ক্ৰিকেটৰ উপস্থিতি নিশ্চিত কৰাৰ বাবে দীৰ্ঘম্যাদী কৌশলৰ কাম কৰি আছে । ২০২৮ চনত ক্ৰিকেটক অলিম্পিক মঞ্চলৈ অনাৰ অভিযানত বি চি চি আইৰ প্ৰাক্তন সচিবগৰাকীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।