ভাৰতীয় দবা খেলুৱৈ ডি গুকেশে মাত্ৰ ১৮ বছৰ বয়সতে বিশ্ব দবা চেম্পিয়নশ্বিপ জিকি ইতিহাস ৰচিলে। বৃহস্পতিবাৰে ছিংগাপুৰত অনুষ্ঠিত ফাইনেলত তেওঁ ডিফেণ্ডিং চেম্পিয়ন ডিং লিৰেনক পৰাস্ত কৰি খিতাপ জয় কৰে।
১৪ খন খেলৰ শৃংখলাৰ অন্তিম খন ধ্ৰুপদী খেলত, গুকেশ ৭.৫-৬.৫পইণ্টত বিজয়ী হৈছিল। এই কৃতিত্বৰ সৈতে, গুকেশ বিশ্ব চেম্পিয়ন হোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হয়।
দবা জগতত এক নতুন ইতিহাস ৰচনা কৰা ডি গুকেশে চেম্পিয়ন হোৱাৰ লগে লগে উচুপি উঠে। সদায় শান্ত দেখা খেলুৱৈজনে বিশ্ব চেম্পিয়ন হোৱাৰ পিছত নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে।
বিশ্ব চেম্পিয়নশ্বিপ জয় কৰি ডি গুকেশে কয় যে ‘এইটো এটা সফলতা যিটো সকলোৱে সপোন দেখে, তেওঁ ও দেখিছিল কিন্তু আশা কৰা নাছিল যে তেওঁ ইমান সোনকালে চেম্পিয়ন হ’ব। হয়তো সেইকাৰণেই তেওঁ ৰখাব নোৱাৰিলে চকুপানী ।
ভাৰতৰ ডি গুকেশে বৃহস্পতিবাৰে ফিডে বিশ্ব দবা চেম্পিয়নশ্বিপৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন ডিং লিৰেনক পৰাস্ত কৰে।
ইয়াৰ পূৰ্বৰ অভিলেখটো ৰাছিয়াৰ গেৰী কাস্পাৰোভৰ হাতত আছিল, যিয়ে ২২ বছৰ বয়সত খিতাপ জয় কৰিছিল। পাঁচবাৰ খিতাপ জয় কৰা বিশ্বনাথন আনন্দৰ পিছত গুকেশ হৈছে বিশ্ব দবা চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰা দ্বিতীয়জন ভাৰতীয়।