হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণৰ ফলত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে। যোৱা দুদিনধৰি হোৱা ধাৰাবাহিক বৰষুণত, ৫৮৩টা পথ অৱৰোধ কৰা হৈছে, যাৰ ভিতৰত আছে ৰাষ্ট্ৰীয় ঘাইপথৰ ৮৫ টা পথ।
ইয়াৰ উপৰিও, ২২৬৩ টা পাৱাৰ ট্ৰেন্সফৰ্মাৰ নিষ্ক্ৰিয় কৰা হৈছে।যাৰ ফলত বিদ্যুৎ যোগানত প্ৰভাৱিত হৈছে।খোৱা পানীৰ বাবেও হাহাকাৰ হৈছে লোকসকলৰ। শুক্ৰবাৰে, কুল্লুৰ পহানালা আৰু কাংৰাৰ ছোটা ভাংগলৰ মুলথানত ডাৱৰ বিস্ফোৰণ সংঘটিত হয়।
কুল্লুৰ পহনালত বানপানীৰ ধ্বংসাৱশেষ মাজত আঠখনকৈ বাহন ডুব যায়। জানিব পৰা মতে ভূমিস্খলনৰ ফলত, মানালী চাৰি লেনৰ ঘাইপথ কেইবা ঠাইটো বন্ধ কৰি দিয়া হৈছে।
যোৱা তিনিদিন ধৰি চম্বাৰ অতি দূৰৱৰ্তী পাগী উপত্যকাত নিৰন্তৰ তুষাৰপাত হৈ আহিছে, যাৰ ফলত স্বাভাৱিক জীৱন ব্যাহত হৈছে। ঠাণ্ডা বাঢ়ি যোৱাৰ লগতে পাগী উপত্যকা বাকী চহৰবোৰৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।