ভাৰত আৰু কানাডাৰ মাজত উত্তেজনা আৰু সংঘাত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । ইয়াৰ মাজতে কানাডাৰ হিন্দু মন্দিৰত হোৱা আক্রমণক গৰিহণা দিছে প্রধানমন্ত্রী মোদীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি কয়, ‘কানাডাৰ এটা হিন্দু মন্দিৰত ইচ্ছাকৃতভাৱে কৰা আক্ৰমণক মই তীব্ৰ গৰিহণা দিছো । আমাৰ কূটনীতিবিদসকলক ভয় খুৱাবলৈ কৰা কাপুৰুষতাপূৰ্ণ প্ৰচেষ্টাও সমানেই ভয়ানক । এনে হিংসাৰ ঘটনাই ভাৰতৰ সংকল্পক কেতিয়াও দুৰ্বল কৰিব নোৱাৰে ।‘
পি এম মোদীয়ে আৰু লিখিছে, ‘আমি আশা কৰোঁ যে কানাডা চৰকাৰে ন্যায় নিশ্চিত কৰিব আৰু আইনৰ শাসন বজাই ৰাখিব ।’ উল্লেখ্য যে, কানাডা বিবাদৰ পিছত এইটোৱেই হৈছে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম বক্তব্য । এই সময়ত প্ৰধানমন্ত্ৰী মোদীৰ এই বক্তব্য অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।
ইতিমধ্যে ভাৰত চৰকাৰে এই বিষয়টোক লৈ কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ আগত উদ্বেগ প্ৰকাশ কৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কানাডা চৰকাৰক সকলো ধৰ্মীয় স্থানৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আৰু এনেধৰণৰ আক্ৰমণ বন্ধ কৰিবলৈ স্পষ্টভাৱে অনুৰোধ জনাইছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, ‘কানাডাত ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ অত্যন্ত চিন্তিত । আমি কানাডা চৰকাৰক আহ্বান জনাইছো যে সকলো উপাসনা স্থান যাতে এনে আক্ৰমণৰ পৰা সুৰক্ষিত হয় ।‘
ঘটনাটো কি ?
দেওবাৰে কানাডাৰ ব্ৰেম্পটনৰ হিন্দু সভাৰ মন্দিৰৰ সমীপত খালিস্তানী চৰমপন্থীৰ বিক্ষোভে হিংসাত্মক ৰূপ ধাৰণ কৰে । মন্দিৰলৈ অহা লোকসকলক আক্ৰমণ কৰে বিক্ষোভকাৰীয়ে । কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোকে ধৰি বহু নেতাই মন্দিৰত চলা এই হিংসাত্মক ঘটনাক তীব্ৰ গৰিহণা দিয়ে । ব্ৰেম্পটনৰ হিন্দু সভাৰ মন্দিৰত সংঘটিত হিংসাত্মক পৰিস্থিতি গ্ৰহণযোগ্য নহয় বুলি ট্ৰুডোৱে কয় । প্ৰতিজন কানাডিয়ানৰ স্বাধীনতা আৰু নিজৰ বিশ্বাসৰ সুৰক্ষাৰ অধিকাৰ আছে বুলি কয় তেওঁ । লগতে তেওঁ আৰক্ষীক ধন্যবাদ জনায়, যিয়ে তৎক্ষণাত সঁহাৰি জনাই সুৰক্ষা নিশ্চিত কৰে ।