ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে সোমবাৰে (০৯ ডিচেম্বৰ, ২০২৪) ঢাকাত বাংলাদেশৰ বৈদেশিক সচিব মহম্মদ তৌহিদ হুছেইনক সাক্ষাৎ কৰে । ৮ আগষ্টত মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ ক্ষমতালৈ অহাৰ পিছত দুয়োখন দেশৰ মাজত এয়া হৈছে প্ৰথমখন উচ্চ পৰ্যায়ৰ বৈঠক তথা কূটনৈতিক আলোচনা ।
বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয়, “আমি বাংলাদেশৰ সংখ্যালঘুসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ স্থিতি দাঙি ধৰিছো আৰু তেওঁলোকৰ নিৰাপত্তাৰ বিষয়েও কথা পাতিছো । আমি শেহতীয়া পৰিঘটনাসমূহৰ বিষয়েও আলোচনা কৰিছো আৰু সংখ্যালঘুসকলৰ নিৰাপত্তা আৰু কল্যাণৰ সৈতে জড়িত উদ্বেগসমূহো তেওঁলোকৰ সৈতে ভাগ কৰিছোঁ । সাংস্কৃতিক আৰু ধৰ্মীয় সম্পত্তিৰ ওপৰত আক্ৰমণৰ দুখজনক কাণ্ডৰ বিষয়েও আলোচনা কৰিছোঁ ।”
তেওঁ কয়, “আজিৰ আলোচনাই আমাৰ দুয়োকে আমাৰ সম্পৰ্কৰ ওপৰত চিন্তা কৰাৰ সুযোগ প্ৰদান কৰিছে আৰু আজি আমাৰ সকলো মধ্যস্থতাকাৰীৰ সৈতে স্পষ্ট আৰু গঠনমূলক মতামত বিনিময় কৰাৰ সুযোগক মই শলাগ লৈছোঁ ।”
শ্বেখ হাছিনাক উৎখাত কৰাৰ পিছত উচ্চ পৰ্যায়ৰ আলোচনা-
আগষ্ট মাহত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক পদচ্যুত কৰাৰ পিছত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক উত্তেজিত হৈ থকাৰ সময়তে সোমবাৰে ভাৰত আৰু বাংলাদেশৰ বৈদেশিক সচিবে উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হয় । ভাৰতীয় বায়ুসেনাৰ বিমানেৰে এদিনীয়া ভ্ৰমণৰ বাবে ঢাকাত উপস্থিত হয় বৈদেশিক সচিব বিক্ৰম মিশ্ৰী ।
ঢাকাত উপস্থিত হোৱাৰ কিছু সময়ৰ পাছতে মিশ্ৰীয়ে বাংলাদেশৰ বৈদেশিক সচিব মহম্মদ জাছিম উদ্দিনক লগ কৰি দুয়োপক্ষৰ প্ৰতিনিধিৰ সৈতে আনুষ্ঠানিক বৈঠকৰ পূৰ্বে এজন এজনকৈ আলোচনাত মিলিত হয় । ৫ আগষ্টত হাছিনাক পদচ্যুত কৰাৰ পিছত ভাৰতীয় বিষয়াৰ এয়া প্ৰথমটো উচ্চ পৰ্যায়ৰ ভ্ৰমণ ।
বাংলাদেশে কি ক’লে ?
বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই কয়, “আমাৰ বৈদেশিক সচিব জাছি্ম উদ্দিন আৰু তেওঁৰ সমকক্ষ বিক্ৰম মিশ্ৰীৰ মাজত ৰাজকীয় অতিথিশালা পদ্মাত নিৰ্ধাৰিত সময় অনুসৰি বৈঠক অনুষ্ঠিত হৈছে । প্ৰথমে তেওঁলোকৰ মাজত চমুকৈ মুখামুখিকৈ আলোচনা হৈছিল আৰু তাৰ পিছত দুয়োপক্ষই বৈঠকত মিলিত হৈছিল ।” প্ৰতিনিধিসকলৰ সৈতে আনুষ্ঠানিক বৈঠক আৰম্ভ হৈছে ।”