পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাত ৱাকফ (সংশোধনী) আইনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদত দুজন লোকৰ মৃত্যু হৈছে । ঘটনা সন্দৰ্ভত তথ্য দি আৰক্ষীয়ে কয় যে হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত ছামছেৰগঞ্জ অঞ্চলৰ জাফৰাবাদৰ ঘৰত আহত পিতৃ-পুত্ৰক উদ্ধাৰ কৰা হৈছে । ইয়াৰ পিছত দুয়োকে চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে ।
পৰিয়ালৰ অভিযোগ- দুষ্কৃতিকাৰীয়ে লুটপাত কৰাৰ পিছত ছুৰীৰে আঘাত কৰে
মৃতকৰ ঘৰত ডকাইতিৰ সময়ত দুষ্কৃতিকাৰীয়ে দুয়োকে কেইবাবাৰো চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে । এক সুকীয়া ঘটনাত ছামছেৰগঞ্জ ব্লকৰ ধুলিয়ানত আন এজন ব্যক্তি গুলীবিদ্ধ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । শুকুৰবাৰেও ৱাকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত মুৰ্ছিদাবাদ জিলাৰ ছুটি আৰু ছামছেৰগঞ্জ অঞ্চলৰ পৰা বৃহৎ পৰিসৰৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে ।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১০০ৰো অধিক লোকক-
পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাত ৱাকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদক কেন্দ্ৰ কৰি দুদিন ধৰি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে । প্ৰথমে ৮ এপ্ৰিলত আৰু তাৰ পিছত ১১ এপ্ৰিলত, য’ত এতিয়ালৈকে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি ১০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে ।