ছানৰাইজাৰ্ছ হায়দৰাবাদৰ খেলুৱৈ অভিষেক শৰ্মাৰ বিস্ফোৰক প্ৰদৰ্শন । আই পি এল ২০২৫ৰ ২৭ সংখ্যক মেচত পঞ্জাব কিংছৰ বিৰুদ্ধে দুৰ্দান্ত শতক অৰ্জন কৰে অভিষেকে । অভিষেকে মাত্ৰ ৪০টা বলত শতক সম্পূৰ্ণ কৰি বহু অভিলেখ ভংগ কৰে । এই ইনিংছত তেওঁ ছয় আৰু চাৰিৰ বৰষুণ নমায় । ট্ৰেভিছ হেডেও অভিষেকক সমৰ্থন কৰে কিন্তু ৬৬ ৰান সংগ্ৰহ কৰি আউট হয় তেওঁ ।
পঞ্জাব কিংছৰ বিৰুদ্ধে হায়দৰাবাদৰ হৈ অ’পেনিং কৰিবলৈ আহিছিল অভিষেক । এই সময়ছোৱাত তেওঁ ৫৫টা বলৰ সন্মুখীন হৈ ১৪১ ৰান সংগ্ৰহ কৰে । এই ইনিংছত অভিষেকে ১৪টা চাৰি আৰু ১০টা ছয় কোবাই । এই ইনিংছৰ আধাৰত তেওঁ বহু অভিলেখ ভংগ কৰে । আই পি এলত দ্ৰুততম শতক অৰ্জন কৰা ষষ্ঠজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে অভিষেক । অভিষেকে মাত্ৰ ৪০টা বলত নিজৰ শতক সম্পূৰ্ণ কৰে ।
আই পি এলত দ্ৰুততম শতক-
৩০ বল – ক্ৰীছ গেইল (আৰ চি বি), ২০১৩
৩৭ বল – ইউছুফ পাঠান (আৰ আৰ), ২০১০
৩৮ বল – ডেভিদ মিলাৰ (পাঞ্জাব), ২০১৩
৩৯ বল – ট্ৰেভিছ হেড (হায়দৰাবাদ) বনাম আৰ চি বি, বেংগালুৰু, ২০২৪
৩৯ বল – প্ৰিয়ংশ আৰ্য্য (পাঞ্জাৱ) বনাম চি এছ কে, মল্লপুৰ, ২০২৫
৪০ বলত – অভিষেক শৰ্মা (হায়দৰাবাদ) বনাম পি বি কে এছ, হায়দৰাবাদ, ২০২৫*