এটা বছৰ সম্পূৰ্ণ হ’ল হামাছ ইজৰাইল আক্ৰমণৰ । আজিৰ দিনটোতেই ইজৰাইল সীমান্তৰে প্ৰৱেশ কৰিছিল হামাছৰ দল । এই এটা বছৰে ইজৰাইলে গাজাত চলাই আহিছে আক্ৰমণ । তাৰিখ ২০২৩ চনৰ ৭ অক্টোবৰ, সময় পুৱা প্ৰায় ৭ বাজিছিল ।
ইজৰাইলৰ ফিলিস্তিনি সীমান্তৰ ওচৰৰ কিবুটজ ৰীম চহৰত চলি আছিল নোভা মিউজিক ফেষ্ট । সকলোয়ে উপভোগ কৰি আছিল নোভা মিউজিক ফেষ্টৰ অনুষ্ঠান সেই সময়তেই হঠাতে গাজা ষ্ট্ৰিপৰ পৰা এটা ৰকেটৰে আক্ৰমণ কৰিছিল ।তাত উপস্থিত থকা লোকসকলে বুজি পোৱাৰ আগতেই হামাস সন্ত্ৰাসবাদীয়ে গাড়ী, বাইক আৰু পেৰাগ্লাইডিঙৰ জৰিয়তে উপস্থিত হৈ গুলীবৰ্ষণ আৰম্ভ কৰিছিল।
ৰাজপথত থকা সকলোৰে গুলী চালনা কৰিছিল হামাসৰ সন্ত্ৰাসবাদীয়ে। ইজৰাইলৰ চোৰাংচোৱাৰ বাবে আছিল ডাঙৰ বিফলতা ।ইজৰাইলৰ চৰকাৰে কিবা বুজি পোৱা বা ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বেই হামাছে জল , স্থল আৰু আকাশ মাৰ্গৰ পৰা প্ৰায় ২ ডজন ইজৰাইলী চহৰ আক্ৰমণ কৰিছিল । হামাস আৰু ইজৰাইলৰ মাজত হোৱা এই যুদ্ধ বন্ধ কৰিবলৈ কেইবাটাও প্ৰয়াস কৰা হৈছিল যদিও সফল নহ’ল।
দেওবাৰে এক বছৰৰ বাৰ্ষিকী বুলি হিজাবুল্লাহে চলালে আক্ৰমণ । লেবাননৰ ৰাজধানী বেৰুটত ইজৰাইলে এটাৰ পাছত আন এটা আক্ৰমণ সংঘটিত কৰাৰ মাজতে এইবাৰ ইজৰাইলৰ হাইফা চহৰত সন্ত্ৰাস চলাইছে হিজাবুল্লাহে।
জানিব পৰা মতে এই আক্ৰমণত ১০ জনকৈ লোক আহত হয়। ইজৰাইলৰ সামৰিক ঘাটিলৈ লক্ষ্য কৰি হিজবুল্লাহে নিক্ষেপ কৰিছিল ৫ টাকৈ ৰকেট। জানিব পৰা মতে ছেপ্তেম্বৰ মাহত বেৰুটত ইজৰাইলৰ বোমা বিস্ফোৰণত নিহত হোৱা নেতা হাছান নছৰল্লাহৰ নামত হিজাবুল্লাই এই আক্ৰমণ উৎসৰ্গা কৰিছ।