বৃহস্পতিবাৰে সন্ধিয়া আমেৰিকাত আন এক বিমান দুৰ্ঘটনা সংঘটিত হৈছিল। খবৰ অনুসৰি ডেনভাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আমেৰিকান এয়াৰলাইনছৰ এখন বিমানত জুই লাগিছিল।
বিমানখনত জুই লগাৰ লগে লগে, এক আতংকৰ সৃষ্টি হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। বিমানখনত থকা সকলো যাত্ৰীক স্থানান্তৰ কৰা হৈছিল।
বাতৰি অনুসৰি, এই ঘটনাটো বিমানবন্দৰৰ গেট চি৩৮-ত ৰখাই থোৱা বিমানখনত সংঘটিত হৈছিল, য’ৰ পৰা ক’লা ধোঁৱা ওলোৱা দেখা গৈছিল।
আমেৰিকান এয়াৰলাইনছে এক বিবৃতিত কৈছিল যে ফ্লাইট ১০০৬ সুৰক্ষিত ভাৱে বিমান বন্দৰত অৱতৰণৰ পিছত গেটত উপস্থিত হৈছিল। কিন্তু তাৰ পিছত বিমানখনৰ ইঞ্জিনত সমস্যা হৈছিল।
দাউ দাউ কৈ জ্বলি উঠিছিল বিমানখন। তাৰ পিছতেই যাত্ৰীৰ মাজাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। জানিব পৰা মতে বিমানখনত মুঠ ১৭২ জন যাত্ৰী আৰু ছয়জন ক্ৰু সদস্য আছিল।
অগ্নিকাণ্ডটোৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনীৰ লোকে অগ্নি নিৰ্বাপক কৰে। পিছত যাত্ৰী আৰু কৰ্মচাৰী সকলক সুৰক্ষিত ভাৱে স্থানান্তৰিত কৰা হয়।