অভিনেতা তথা ৰাজনীতিবিদ গোবিন্দাৰ বিষয়ে আকৌ এবাৰ ডাঙৰ খবৰ ওলাইছে। শনিবাৰে এটা নিৰ্বাচনী প্ৰচাৰৰ সময়ত হঠাৎ অসুস্থ হয় গোবিন্দা ।
জানিব পৰা মতে জলগাঁৱত ৪টাকৈ স্থানত অভিনেতা গৰাকীয়ে প্ৰচাৰ চলাব লগা আছিল, আৰু সেই প্ৰচাৰৰ পিছত তেওঁ মুম্বাইলৈ উভতি অহাৰ কথা আছিল।
কিন্তু জলগাওঁৰ পাচোৰাত এটা ৰোড শ্ব’ কৰি থকাৰ সময়তেই হঠাতে বুকুত তীব্ৰ বিষ হৈছিল গোবিন্দাৰ। ততাতৈয়াকৈ অভিনেতা গৰাকীত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে, এতিয়ালৈকে এই বিষয়ত কোনো তথ্য লাভ কৰা নাই।
গোবিন্দাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপক্ষে এই ৰোড শ্ব’ কৰিবলৈ গৈছিল। গোবিন্দাৰ এই খবৰ পোহৰলৈ অহাৰ পিছতেই চিন্তিত হৈ পৰিছে অনুৰাগী সকল।
কিছুদিন পূৰ্বে অভিনেতা গৰাকীৰ ভৰিত গুলি লগাৰ পিছত এইবাৰ আকৌ বুকুৰ বিষত ভুগিছে। শীঘ্ৰেই সুস্থ হৈ উঠিবলৈ গোবিন্দাৰ অনুৰাগীসকলে দোৱা প্ৰাৰ্থনা কৰিছে।