হঠাৎ অসু্স্থ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় । বুকুৰ বিষৰ বাবে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক এইমছত ভৰ্তি কৰোৱা হৈছে । সংবাদ সংস্থাই জনোৱা মতে, শনিবাৰে নিশা ৭৩ বছৰীয়া ধনখড়ক চিকিৎসালয়লৈ অনা হয় । বৰ্তমান উপ-ৰাষ্ট্ৰপতিগৰাকীৰ অৱস্থা সুস্থিৰ আৰু তেওঁক চিকিৎসৰ পৰ্যবেক্ষণত ৰখা হৈছে ।
জানিব পৰা মতে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অস্বস্তি অনুভৱ কৰিছিল আৰু গভীৰ নিশা বুকুৰ বিষ হৈছিল । ইয়াৰ পিছত নিশা ২ বজাত তেওঁক চিকিৎসালয়লৈ অনা হয় । চিকিৎসকে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ অৱস্থা বৰ্তমান সুস্থিৰ আৰু তেওঁক ক্ৰিটিকেল কেয়াৰ ইউনিটত পৰ্যবেক্ষণত ৰখা হৈছে বুলি জনাইছে ।
এইমছৰ হৃদৰোগ বিভাগৰ মুৰব্বী ডাঃ ৰাজীৱ নৰঙৰ তত্বাৱধানত ধনখড়ক ক্ৰিটিকেল কেয়াৰ ইউনিটত ভৰ্তি কৰোৱা হয় । জানিব পৰা মতে, তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ আৰু তেওঁক পৰ্যবেক্ষণত ৰখা হৈছে । এদল চিকিৎসকে তেওঁৰ অৱস্থা নিৰীক্ষণ কৰি আছে ।