তৃতীয়খন এদিনীয়াত নিউজীলেণ্ডক ৬ উইকেটত পৰাস্ত কৰি ভাৰতীয় মহিলা ক্ৰিকেট দলে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলা ২-১ ব্যৱধানত জয়লাভ কৰিছে । আহমেদাবাদত অনুষ্ঠিত হোৱা শৃংখলাৰ তৃতীয়খন খেলত নিউজীলেণ্ডে টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি দলটোৱে ৪৯.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৩২ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত ৩৪টা বল বাকী থকা অৱস্থাত টিম ইণ্ডিয়াই এই মেচত জয়লাভ কৰি শৃংখলা হস্তগত কৰে । স্মৃতি মন্ধনাই দুৰ্বল ফৰ্মৰ ধাৰাবাহিকতা অন্ত পেলাই এই মেচত এক শতকীয় ইনিংছ প্ৰদৰ্শন কৰে ।
ভাৰতীয় বলিঙে মেচখনত প্ৰথমৰ পৰাই আধিপত্য বিস্তাৰ কৰিছিল । টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ নিউজীলেণ্ডে ৮৮ ৰানতে ৫টা উইকেট হেৰুৱাইছিল । ইয়াৰ পিছত ব্ৰুক হেলিডে আৰু ইছাবেলা গেজৰ মাজত ৬৪ ৰানৰ অংশীদাৰিত্বই আলহী দলটো বিপৰ্যয়ৰ পৰা উভতি আহে । ব্ৰুকে ৮৮ ৰানৰ ইনিংছ খেলিছিল, তেওঁৰ বাহিৰে নিউজীলেণ্ড দলৰ আন কোনো খেলুৱৈয়ে ৪০ ৰানৰ নিৰ্দিষ্ট সীমাও স্পৰ্শ কৰিব নোৱাৰিলে । ৰাইট আৰ্ম লেগ স্পীন বলিং কৰি এই ছিৰিজত আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটোৱা প্ৰিয়া মিশ্ৰই ২ টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে ।
স্মৃতি মন্ধানাৰ শতক-
টি-২০ বিশ্বকাপত দুৰ্বল প্ৰদৰ্শন আগবঢ়াইছিল ফৰ্মহীনতাত ভুগি থকা স্মৃতি মন্ধানাই । একে সময়তে নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন এদিনীয়া মেচতো বিশেষ ইনিংছ খেলিব পৰা নাছিল তেওঁ । কিন্তু ছিৰিজৰ তৃতীয় আৰু শেষ মেচখনত তেওঁ এক শতকীয় ইনিংছ খেলে । স্মৃতিয়ে ১২২টা বলত ১০০ ৰান সংগ্ৰহ কৰে, এই সময়ছোৱাত তেওঁৰ বেটৰ পৰাও ১০টা চাৰিও আহে । ভাল ফৰ্মলৈ ঘূৰি অহাৰ ক্ষেত্ৰত স্মৃতিৰ বাবে এই ইনিংছটো অতি গুৰুত্বপূৰ্ণ আছিল । তেওঁৰ বাহিৰেও অধিনায়ক হৰমনপ্ৰীত কৌৰে ৬৩টা বলত ৫৯ ৰানৰ অপৰাজিত ইনিংছ খেলে ।
তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাৰ প্রথমখন খেলত ভাৰতে ৫৯ ৰানত জয়লাভ কৰে ৷ কিন্তু দ্বিতীয়খন মেচত টিম ইণ্ডিয়া ৭৬ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । কিন্তু শেষৰখন খেলত ৬ উইকেটত জয়লাভ কৰি ২-১ ব্যৱধানত শৃংখলা দখল কৰে হৰমনপ্ৰীত বাহিনীয়ে ।