আমাৰ শৰীৰত ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ বহু ধৰণৰ ভিটামিন আৰু খনিজ পদাৰ্থৰ প্ৰয়োজন হয়, যিবোৰ আমি দৈনন্দিন খাদ্যৰ পৰা লাভ কৰিব নোৱাৰো । আমাৰ পাকঘৰত এনে বিভিন্ন ধৰণৰ বস্তু থাকে যি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী । অৱশ্যে সকলো ধৰণৰ ফল-মূল আৰু পাচলি আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী ।
কিন্তু আজি আমি স্বাস্থ্যসমৃদ্ধ চুপাৰফুড বীটৰ বিষয়ে কথা কবলৈ ওলাইছো । পুষ্টিবিদ শিল্পা মিত্তালে কয়, “বীটৰুট নিজেই এক বিশেষ ধৰণৰ পাচলি । ইয়াক বেটা ভালগাৰিছ ৰুব্ৰা বা ৰঙা বীট বুলিও কোৱা হয় । পুষ্টিসমৃদ্ধ বীটৰুটৰ পাতত এণ্টিঅক্সিডেণ্ট থাকে, যি হৃদৰোগৰ আশংকা হ্ৰাস কৰিবলৈ কাম কৰে ।
বীটৰুটৰ উপকাৰীতা –
বীটৰুটৰ উপকাৰীতাৰ বিষয়ে পুষ্টিবিদগৰাকীয়ে কয় যে, “ই শৰীৰৰ প্ৰদাহ হ্ৰাস কৰাতো কাম কৰে । বীটৰুটৰ ৰস হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ বাবেও অতি উপকাৰী । ইয়াৰ পৰা পোৱা নাইট্ৰিক অক্সাইডে পেশীবোৰত সঠিক তেজৰ প্ৰবাহ বজাই ৰখাত সহায় কৰে ।
তেওঁ কয় যে ই হিম’গ্লবিনৰ মাত্ৰা বজাই ৰখাতো সহায় কৰে । ইয়াত আঁহ প্ৰচুৰ পৰিমাণে থকাৰ বাবে এই পাচলি স্বাস্থ্যৰ বাবে অতি উপকাৰী । ইয়াত থকা আঁহে পেটৰ সমস্যা কমোৱাৰ লগতে ওজন কমোৱাতো সহায়ক হয় ।
ডায়েবেটিক ৰোগীসকলে কি খাব পাৰে সেই সন্দৰ্ভত পুষ্টিবিদ শিল্পা মিত্তালে কয়, “বহুসময়ত কোৱা হয় যে ডায়েবেটিক ৰোগীয়ে বীটৰুট খাব নালাগে, কিন্তু এনে নহয়, ডায়েবেটিক ৰোগীয়েও ইয়াক তেওঁলোকৰ আহাৰত সীমিত পৰিমাণত অন্তৰ্ভুক্ত কৰিব পাৰে ।”
তেওঁ আৰু কয়, “লিভাৰ পৰিষ্কাৰ কৰাৰ উপৰিও ই ছালৰ বাবেও অতি উপকাৰী ।সঠিক ৰক্তচাপ বজাই ৰখাৰ লগতে হৃদৰোগ আৰু ষ্ট্ৰোকৰ আশংকাৰ পৰাও ৰক্ষা কৰে । ইয়াৰ বিশেষ গুণে এজন ব্যক্তিক সুস্থ কৰি ৰাখে আৰু ৰোগৰ পৰা ৰক্ষা পাবলৈ শক্তি প্ৰদান কৰে ।”