আপোনাৰ খাদ্যত অংকুৰিত অথবা গাজী মগু অন্তৰ্ভুক্ত কৰাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় । প্ৰতিদিনে পুৱা এমাহৰ বাবে এমুঠি গাজী মগু সেৱন কৰিলে শৰীৰত বহুতো আচৰিত উপকাৰ পোৱা যায় । পুষ্টিবিদসকলৰ মতে গজালি ওলোৱা মগুত প্ৰচুৰ পৰিমাণে আঁহ, প্ৰটিন, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যিয়ে শৰীৰৰ বহু অংশৰ কাম-কাজ উন্নত কৰে আৰু আপোনাক সুস্থ কৰি ৰখাত সহায় কৰে । দৈনিক গাজী মগু খোৱাৰ ৬টা ডাঙৰ উপকাৰিতা জানি লওক-

পাচন তন্ত্ৰ শক্তিশালী কৰে-
গাজী মগুত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ ফলত পাচনতন্ত্ৰ শক্তিশালী হয় । প্ৰতিদিনে পুৱা ইয়াক সেৱন কৰিলে কৌষ্ঠকাঠিন্য, গেছ আৰু পেট ফুলাৰ দৰে সমস্যাৰ পৰা সকাহ পোৱা যায় । ইয়াৰ উপৰিও শৰীৰৰ ভাল বেক্টেৰিয়া বজাই ৰাখে, যাৰ ফলত হজম শক্তি উন্নত হয় ।
ওজন হ্ৰাস কৰাত সহায় কৰে-
গাজী মগুত কেলৰি কম থাকে আৰু প্ৰচুৰ আঁহ থাকে, যিয়ে পেট দীৰ্ঘ সময়ৰ বাবে ভৰাই ৰাখে আৰু ভোক কমকৈ লাগে । ইয়াৰ সেৱনে ওজন কমাবলৈ সহায় কৰে আৰু লগতে শৰীৰৰ শক্তিৰ মাত্ৰাও বজাই ৰাখে ।
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে-
গাজী মগুত ভিটামিন চি, ভিটামিন এ আৰু আইৰণ আদি পুষ্টিকৰ উপাদান থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে । দৈনিক ইয়াক সেৱন কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু ৰোগৰ পৰা আঁতৰি থাকিব পাৰি ।
ছাল আৰু চুলিৰ বাবে উপকাৰী-
গাজী মগুত এন্টিঅক্সিডেন্টৰ উপস্থিতিয়ে ছালখন সুস্থ আৰু উজ্জ্বল কৰি তোলে । ইয়াত থকা ভিটামিন ই আৰু ভিটামিন চিয়ে চুলিৰ শ্ৰীবৃদ্ধি কৰে আৰু চুলিক শক্তিশালী কৰে ।
হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী-
গাজী মগুত যথেষ্ট পৰিমাণৰ পটাছিয়াম আৰু আঁহ থাকে, যি ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু হৃদযন্ত্ৰৰ শিৰাত অৱৰোধ প্ৰতিহত কৰে । ই হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী আৰু হৃদ আক্ৰমণৰ আশংকা হ্ৰাস কৰে ।
ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে-
গাজী মগুত থকা প্ৰটিন আৰু আঁহে শৰীৰত ৰক্ত শৰ্কৰা অথবা চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে । ডায়েবেটিছ ৰোগীৰ বাবে ইয়াৰ সেৱন অতি উপকাৰী বুলি গণ্য কৰা হয়, কাৰণ ই চেনিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি হোৱাত বাধা দিয়ে ।