ভাৰতীয় মহাকাশ সংস্থা ইছৰোৰ স্পেডএক্স মিছনৰ অধীনত ডকিং টেষ্ট এতিয়াৰ বাবে পিছুৱাই দিয়া বুলি জানিব পৰা গৈছে । প্ৰকৃততে এই পৰীক্ষণ ৭ জানুৱাৰীত হ’ব লাগিছিল যদিও এতিয়া ৯ জানুৱাৰীত কৰা হ’ব । অৱশ্যে ইছৰোৱে এই পৰীক্ষণ পিছুৱাই দিয়াৰ কাৰণ প্ৰকাশ কৰা নাই । কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে স্পেডএক্স অভিযানক ইণ্ডিয়ান ডকিং টেকন’লজি বুলি নামকৰণ কৰিছিল । এয়া সম্পূৰ্ণ ভাৰতীয় অভিযান আৰু ভাৰতে প্ৰথমবাৰৰ বাবে ডকিং টেষ্ট কৰিবলৈ ওলাইছে ।
কি হয় ডকিং-
ডকিং অভিযানৰ অধীনত পৃথিৱীৰ নিম্ন কক্ষপথত বিশেষভাৱে ডিজাইন কৰা দুটা উপগ্ৰহ সংযুক্ত কৰা হ’ব । এতিয়ালৈকে কেৱল ৰাছিয়া, আমেৰিকা আৰু চীনেহে এই জটিল প্ৰযুক্তি আয়ত্ত কৰিছে আৰু কোনো দেশেই এই অভিযানৰ জটিলতাসমূহৰ অংশীদাৰ হোৱা নাই । এতিয়া ভাৰতে নিজাববীয়াকৈ এই কৃতিত্ব অৰ্জন কৰিবলৈ সাজু হৈছে । প্ৰতি ঘণ্টাত প্ৰায় ২৮,৮০০ কিলোমিটাৰ বেগেৰে যাত্ৰা কৰা দুয়োটা উপগ্ৰহ সংযোগ কৰা হ’ব । এই পৰীক্ষাত চেন্সৰৰ এটা গোট ব্যৱহাৰ কৰি উপগ্ৰহসমূহৰ আপেক্ষিক গতি লেহেমীয়া কৰা হ’ব আৰু তাৰ পিছত ইয়াক একেলগে সংযোগ কৰা হ’ব । ইছৰোৱে ইতিমধ্যে ভাৰতীয় ডকিং মেকানিজমৰ পেটেণ্ট লৈছে ।
ভৱিষ্যতৰ মহাকাশ অভিযানৰ বাবে ডকিং প্ৰযুক্তি অতি গুৰুত্বপূৰ্ণ-
ডকিং এটা জটিল কৌশল, কিয়নো দুয়োটা উপগ্ৰহকে কক্ষপথত ৰাখিব লাগে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ইটোৱে সিটোৰ লগত সংঘৰ্ষ হ’ব নালাগে । ইছৰোৰ মুৰব্বী এছ সোমনাথে কয় যে যদি ভাৰতে চন্দ্ৰযান-৪ উৎক্ষেপণ কৰি মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰি তাৰ পিছত এজন ভাৰতীয় চন্দ্ৰলৈ পঠিয়াব লাগে তেন্তে ডকিং আয়ত্ত কৰাটো এটা প্ৰয়োজনীয় পদক্ষেপ ।