আজি পুৱা প্ৰায় ১১:৪৫ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গাণ্ডাৰবল জিলাত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ Z-Morh সুৰংগ উদ্বোধন কৰিব । Z-Morh সুৰংগ তথা টানেলক সোণমাৰ্গ সুৰংগ বুলিও জনা যায় । বিষয়াসকলে কয় যে স্পৰ্শকাতৰ অঞ্চলত নিৰাপত্তাৰক্ষীৰ নিয়োগ বৃদ্ধি কৰা হৈছে, মুখ্য স্থানসমূহত কেইবা ডজন চেকপইণ্ট স্থাপন কৰা হৈছে । যান-বাহনসমূহ পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ লগতে নিয়মীয়াকৈ টহল দিয়াৰ ব্যৱস্থাও কৰা হৈছে ।
Z-Morh সুৰংগ এলেকাত বহুস্তৰীয় নিৰাপত্তা-
সুৰংগ এলেকাৰ সমীপত নিৰাপত্তা কটকটীয়া কৰা হৈছে । উদ্বোধনী স্থানত দায়িত্ব গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাৰক্ষী দলে, য’ত এছ পি জিৰ বিষয়াসকলো আছে । স্পৰ্শকাতৰ স্থানত শ্বাৰ্পশ্বুটাৰ নিয়োগ কৰা হৈছে আৰু ড্ৰোনৰ জৰিয়তে আকাশী আৰু কাৰিকৰী নিৰীক্ষণ কৰা হৈছে ।
সুৰংগটোৰ কৌশলগত গুৰুত্ব-
সোণমাৰ্গ আৰু গগনগীৰক সংযোগ কৰা এই সুৰংগটো ৮৬৫০ ফুট উচ্চতাত অৱস্থিত আৰু জৰুৰীকালীন অৱস্থাত ৭.৫ মিটাৰ বহল সমান্তৰাল পথ আছে । এই সুৰংগটোৱে গোটেই বছৰটো পথেৰে লাডাখক সংযোগ কৰিব আৰু দেশৰ প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তা আৰু আঞ্চলিক উন্নয়নতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।
সুৰংগটোৰ সুবিধা-
– সোণমাৰ্গ সুৰংগই গগনগীৰৰ পৰা সোণমাৰ্গলৈ নিৰৱচ্ছিন্ন যাতায়ত নিশ্চিত কৰিব
– ৰাষ্ট্ৰীয় ঘাইপথ-১ত যাত্ৰাৰ দূৰত্ব ৪৯ কিলোমিটাৰৰ পৰা ৪৩ কিলোমিটাৰলৈ হ্ৰাস হ’ব
– ঘণ্টাত ৩০ কিলোমিটাৰৰ পৰা ৭০ কিলোমিটাৰলৈ বৃদ্ধি পাব যান-বাহনৰ গতি
– এই সুৰংগটোৱে অঞ্চলটোৰ পৰ্যটন আৰু ব্যৱসায় বৃদ্ধিত সহায় কৰিব
সুৰংগটো গেম চেঞ্জাৰ বুলি প্ৰমাণিত হ’ব-
ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডে এই সুৰংগটোক অভিযান্ত্ৰিক আশ্চৰ্য্য আৰু অঞ্চলটোৰ বাবে গেম চেঞ্জাৰ বুলি অভিহিত কৰিছে । তেওঁলোকে আৰু কয় যে এই প্ৰকল্পই কেৱল ভ্ৰমণ অভিজ্ঞতা উন্নত কৰাই নহয় জম্মু-কাশ্মীৰ আৰু লাডাখৰ মাজত সামাজিক আৰু অৰ্থনৈতিক উন্নয়নও ত্বৰান্বিত কৰিব । Z-Morh সুৰংগৰ লগতে জোজিলা সুৰংগৰ কাম ২০২৮ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব । ইয়াৰ দ্বাৰা আঞ্চলিক প্ৰতিৰক্ষা লজিষ্টিক আৰু পৰিবহণ ব্যৱস্থা সহজ হ’ব । ইয়াৰ দ্বাৰা লাডাখ আৰু জম্মু-কাশ্মীৰৰ মাজত সংযোগ আৰু উন্নয়নৰ এক নতুন দিশ লাভ কৰিব ।