প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছলৈ এখন পত্ৰ লিখি ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনাইছে । কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছলৈ লিখা চিঠিখন শ্বেয়াৰ কৰি টুইট কৰে ।
পত্ৰখনত প্ৰধানমন্ত্ৰীয়ে লিখিছে, “সুনীতা উইলিয়ামছ নিৰাপদে উভতি অহাৰ বাবে সমগ্ৰ বিশ্বই অপেক্ষা কৰি আছে । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ এইগৰাকী কন্যাৰ প্ৰতি উদ্বেগ আৰু স্নেহ প্ৰকাশ কৰিছে…”
প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ পত্ৰত লিখিছে, “আপুনি হাজাৰ হাজাৰ মাইল দূৰত থাকিলেও আমাৰ হৃদয়ৰ অতি ওচৰত আছে ।”
প্ৰধানমন্ত্ৰী মোদীয়ে পত্ৰত লিখিছে, “ভাৰতবাসীৰ হৈ আপোনালৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো । আজি মই এটা অনুষ্ঠানত বিখ্যাত মহাকাশচাৰী মাইক মাছিমিনোক লগ পালোঁ । কথা-বতৰাৰ সময়ত আপোনাৰ নাম আহিল আৰু আমি আলোচনা কৰিলোঁ যে আমি আপোনাৰ আৰু আপোনাৰ কামক লৈ কিমান গৌৰৱান্বিত । এই আলোচনাৰ পিছত আপোনালৈ চিঠি লিখাৰ পৰা মই নিজকে বাধা দিব নোৱাৰিলোঁ ।”
প্ৰধানমন্ত্ৰীয়ে আৰু লিখিছে যে, “যেতিয়াই মই ৰাষ্ট্ৰপতি ট্ৰাম্প বা ৰাষ্ট্ৰপতি বাইডেনক আমেৰিকা ভ্ৰমণৰ সময়ত লগ পাইছিলো, তেতিয়াই মই সদায় আপোনালোকৰ কুশল-মংগলৰ বিষয়ে সুধিছিলো ।”
পত্ৰখনত প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে যে ১৪০ কোটি ভাৰতীয়ই আপোনাৰ এই কৃতিত্বক লৈ সদায় গৌৰৱ কৰি আহিছে । শেহতীয়া পৰিঘটনাই আপোনাৰ প্ৰেৰণাদায়ক অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমক আকৌ এবাৰ উজ্জ্বল কৰি তুলিছে । আপুনি হাজাৰ হাজাৰ মাইল দূৰত থাকিলেও আমাৰ হৃদয়ৰ বহু ওচৰত । ভাৰতবাসীয়ে আপোনাৰ সুস্বাস্থ্য আৰু মিছনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাইছে ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে, “বনি পাণ্ডিয়াই নিশ্চয় আপোনাৰ উভতি অহাৰ বাবে আগ্ৰহেৰে বাট চাই থাকিব আৰু মই নিশ্চিত যে প্ৰয়াত দীপকভাইৰ শুভেচ্ছাও আপোনাৰ লগত আছে । ২০১৬ চনত আমেৰিকা ভ্ৰমণৰ সময়ত আপোনাক আৰু দীপকভাইক লগ পোৱাৰ মোৰ এতিয়াও ভাল লগা স্মৃতি আছে । আপোনাৰ উভতি অহাৰ সময়ত আমি আপোনাক ভাৰতলৈ আদৰণি জনোৱাৰ বাবে আগ্ৰহী । ভাৰতৰ বাবে ইয়াৰ এগৰাকী বিশিষ্ট কন্যাক আতিথ্য দিয়াটো গৌৰৱৰ বিষয় হ’ব ‘আপুনি আৰু উইলম’ৰলৈ নিৰাপদ উভতি অহাৰ বাবে শুভেচ্ছা জনাইছো ।’