পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মহাকাশচাৰী সুনীতা উইলিয়ামছক ভাৰত ৰত্ন প্ৰদান কৰিবলৈ দাবী জনাইছে।
বুধবাৰে বিধানসভাত সুনীতা উইলিয়ামছলৈ এক অভিনন্দন বাৰ্তাত মমতা বেনাৰ্জীয়ে কয় যে সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলমোৰ অৱশেষত ইমান দিনৰ পিছত সুৰক্ষিতভাৱে পৃথিৱীলৈ উভতি অহাৰ বাবে আদৰণি জনাইছো।
তেওঁ কৈছিল যে আমাৰ ভাৰতৰ কন্যা আমাৰ ওচৰলৈ ঘূৰি আহিছে আৰু আমি বহুত সুখী আৰু উৎসাহিত।আমি বাচ্চ উইলমোৰৰ বাবেও বহুত সুখী। তেওঁৰ সাহসৰ জয় হওঁক।

উল্লেখনীয় যে সুনীতাই যোৱা বছৰৰ ৫ জুনত মহাকাশলৈ যাত্ৰা কৰিছিল। তেওঁ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত আঠ দিন কটাই পৃথিৱীলৈ উভতি অহাৰ কথা আছিল।কিন্তু মহাকাশযানত বিজুতিৰ বাবে ৯ টা মাহে আৱদ্ধ হৈ পৰি সুনীতা উইলিয়ামছ।
মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সুনীতা উভতি অহাৰ লগে লগে তেওঁৰ এক্স হেণ্ডেলত অভিনন্দন বাৰ্তা প্ৰেৰণ কৰিছিল। পিছত বিধানসভাত মমতাই কয় যে তেওঁ বিধানসভাৰ হৈ সুনীতা উইলিয়ামছৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।
তেওঁ বহুত কষ্ট পাইছে। উদ্ধাৰকাৰী দলটোক ধন্যবাদ আৰু কৃতজ্ঞতা। কল্পনা চাওলাও গৈছিল, কিন্তু ঘূৰি আহিব নোৱাৰিলে।
তেওঁ কয় যে আমি দেখিছো যে যেতিয়া বিমানখন বিকল হয়, ই ঘূৰি আহে।মই শুনিছোঁ যে এই মহাকাশযানখনত কিছু সমস্যা আছিল।
কল্পনা চাওলাৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিছিল। সেইকাৰণে সুনীতা উইলিয়ামছে তাত ইমান মাহ ধৰি আবদ্ধ হৈ থাকিব লগা হৈছিল।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় য়ে সুনীতা ভাৰতৰ জীয়ৰী, গতিকে তেওঁক ভাৰত ৰত্নৰে সন্মানিত কৰিবৰ বাবে মই কেন্দ্ৰ চৰকাৰক অনুৰোধ জনাইছো। মই এই মহান সন্মানৰ দাবী জনাইছো যাতে তেওঁলোকে তেওঁলোকৰ কাম ভালদৰে কৰিব পাৰে।