পঞ্জাৱৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা শিৰোমণি আকালি দলৰ নেতা সুখবীৰ সিং বাদলৰ ওপৰত কিছু সময় পূৰ্বে সংঘটিত হৈছে এক প্ৰাণঘাতী আক্ৰমণ । অমৃতসৰত নেতাজনৰ ওপৰত গুলীচালনা কৰা হৈছে । অৱশ্যে তথ্য অনুসৰি এই আক্ৰমণত তেওঁৰ কথমপি প্ৰাণ ৰক্ষা পৰে । ঘটনাৰ পিছত লগে লগে তেওঁক ঘেৰাও কৰি নিৰাপত্তাৰ ব্যৱস্থা কৰা হয় । জানিব পৰা মতে এই ঘটনাত সুখবীৰ সিং বাদলৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই ।
আক্ৰমণকাৰীয়ে গুলীচালনা কৰাৰ লগে লগে সেই স্থানত উপস্থিত থকা লোকসকলে তেওঁক কৰায়ত্ত কৰে । আৰক্ষীয়ে অভিযুক্তক জিম্মাত লৈছে । তেওঁৰ পৰা এটা পিষ্টল উদ্ধাৰ কৰা হৈছে । অভিযুক্তৰ নাম নাৰায়ণ সিং চৌৰা বুলি কোৱা হৈছে ।
সূত্ৰ অনুসৰি আক্ৰমণকাৰী বাব্বৰ খালছা ইণ্টাৰনেশ্যনেল (বি কে আই)ৰ প্ৰাক্তন সদস্য বুলি চিনাক্ত কৰা হৈছে । কোৱা হৈছে যে ১৯৮৪ চনত তেওঁ পাকিস্তানলৈ গৈ পাকিস্তানৰ পৰা পঞ্জাৱলৈ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী সৰবৰাহ কৰিছিল । আক্ৰমণকাৰীয়ে গেৰিলা যুদ্ধৰ ওপৰতো এখন কিতাপ লিখিছে বুলি জানিব পৰা গৈছে । বুৰাইলৰ জেলব্ৰেক গোচৰৰ অভিযুক্তৰ লগতে পঞ্জাৱৰ কাৰাগাৰতো শাস্তি ভুগিছে তেওঁ ।
স্বৰ্ণ মন্দিৰৰ বাহিৰত দুৱাৰ ৰখীয়া হিচাপে শাস্তি ভুগি আছে-
তথ্য অনুসৰি এই আক্ৰমণ সংঘটিত হয় যেতিয়া সুখবীৰ সিং বাদলে অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ বাহিৰত দুৱাৰ ৰখীয়া হিচাপে শাস্তি ভুগি আছিল । ইয়াৰ মাজতে এজন আক্ৰমণকাৰী আহি বন্দুক উলিয়াই তেওঁক গুলিয়াবলৈ উদ্যত হয় । বন্দুক উলিওৱাৰ লগে লগে তেওঁৰ চাৰিওফালে থিয় হৈ থকা সুখবীৰ সিং বাদলৰ মানুহে তেওঁক ঘেৰি ধৰে । অৱশ্যে এই ঘটনাত সুখবীৰ সিং বাদলৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই । কিন্তু এয়া তেওঁৰ নিৰাপত্তাৰ ক্ষেত্ৰত এক ডাঙৰ ভুল বুলি গণ্য কৰা হৈছে ।