বিশ্ববিদ্যালয়ত দুৰ্বৃত্তৰ গুলীচালনা… দুজনৰ মৃত্যু, আঠজন আহত
ৰোড আইলেণ্ডৰ ব্ৰাউন বিশ্ববিদ্যালয়ত সংঘটিত হোৱা গুলীচালনাত কমেও দুজন লোক নিহত হোৱাৰ লগতে ৮জন লোক আহত হয় ।
আমেৰিকাত আন এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে । ৰোড আইলেণ্ডৰ ব্ৰাউন বিশ্ববিদ্যালয়ত সংঘটিত হোৱা গুলীচালনাত কমেও দুজন লোক নিহত হোৱাৰ লগতে ৮জন লোক আহত হয় । আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে ব্ৰাউন ইউনিভাৰ্চিটি এলেকাত কেইবাজনো লোকক গুলীয়াই হত্যা কৰা হয় । ইয়াৰ পিছত আইভী লীগ বিদ্যালয়ে শ্বুটাৰ এলাৰ্ট জাৰি কৰি ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলক নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ আহ্বান জনায় ।
ব্ৰাউন বিশ্ববিদ্যালয়ৰ জৰুৰীকালীন অধিসূচনা ব্যৱস্থাৰ জৰিয়তে জাৰি কৰা এক সতৰ্কবাণী অনুসৰি বিশ্ববিদ্যালয়ৰ বিষয়াসকলে প্ৰথমে ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলক কয় যে এজন সন্দেহযুক্ত লোক জিম্মাত আছে, কিন্তু পিছত কয় যে সেয়া নহয় আৰু আৰক্ষীয়ে এতিয়াও সন্দেহযুক্ত লোকক বিচাৰি আছে ।
স্থানীয় নেতা জন গনছালভেছে কয় যে, “আমি এতিয়াও কি হৈ আছে তাৰ তথ্য লৈ আছো । আমি মানুহক খিৰিকী-দুৱাৰ বন্ধ কৰি ৰাখিবলৈ আৰু সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিছো ।” ঘটনাক লৈ তেওঁ শোক প্ৰকাশ কৰে । খবৰ অনুসৰি বিশ্ববিদ্যালয়খনৰ স্কুল অৱ ইঞ্জিনিয়াৰিং এণ্ড ফিজিক্স থকা সাত মহলীয়া কমপ্লেক্স বাৰাছ এণ্ড হলী বিল্ডিঙৰ সমীপত এই ঘটনা সংঘটিত হয় । বিশ্ববিদ্যালয়খনৰ ৱেবছাইট অনুসৰি এই ভৱনটোত ১০০টাতকৈও অধিক পৰীক্ষাগাৰ, কেইবা ডজন শ্ৰেণীকোঠা, কাৰ্যালয় আছে । ঘটনাৰ সময়ত অট্টালিকাটোত অভিযান্ত্ৰিক ডিজাইন পৰীক্ষা চলি আছিল । ৰাষ্ট্ৰপতি ট্ৰাম্পকো এই গুলীচালনাৰ ঘটনা সন্দৰ্ভত অৱগত কৰা হৈছে ।
লগতে পঢ়ক : ছিডনীত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ; ধৰ্মীয় অনুষ্ঠানত নিৰ্বিচাৰ গুলীচালনা