দেশত দ্ৰুতগতিত সলনি হৈছে বতৰ । উত্তৰ ভাৰতত শীত আগমণৰ ইংগিত পোৱাৰ বিপৰীতে দক্ষিণ ভাৰতত অব্যাহত আছে বৰষুণ । ইফালে বংগ উপসাগৰত ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছে, যাৰ ফলত দেশৰ কেইবাখনো ৰাজ্যসমূহ প্ৰভাৱিত হ’ব পাৰে । এই সন্দৰ্ভত বতৰ বিজ্ঞান বিভাগে এক সতৰ্কবাণী জাৰি কৰিছে ।
উত্তৰ তামিলনাডু উপকূলৰ পৰা দূৰত আৰু পশ্চিম বংগৰ পশ্চিম উপকূলৰ ওচৰত বংগোপসাগৰৰ ওপৰত এক ঘূৰ্ণী বতাহসৃষ্টি হৈছে । ই মধ্য-ট্ৰপোস্ফেৰিক স্তৰলৈকে বিস্তাৰিত । ইয়াৰ উপৰিও, কেন্দ্ৰীয় আন্দামান সাগৰৰ ওপৰত ঘূৰ্ণীবতাহ আছে । ২১ অক্টোবৰত, বংগোপসাগৰৰ ওপৰত নতুনকৈ নিম্ন চাপৰ এলেকা সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত দক্ষিণ উপদ্বীপীয় ভাৰতত ধাৰাসাৰ বৰষুণ হ’ব পাৰে । ২০-২১ অক্টোবৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত মেঘৰ আৱৰণ আৰু বৰষুণ হ’ব আৰু ২৪-২৫ অক্টোবৰত ওড়িশা আৰু পশ্চিম বংগত বৰষুণ হ’ব ।
এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ দেশৰ বহু ৰাজ্যত দেখা যাব । আই এম ডিয়ে জাৰি কৰিলে অৰেঞ্জ আৰু ৰেড এলাৰ্ট । তামিলনাডু, ২০-২১ আৰু ২৪ তাৰিখে পুডুচেৰী, ২০-২২ তাৰিখে উত্তৰ অভ্যন্তৰীণ কৰ্ণাটক, ২০-২৩ তাৰিখে দক্ষিণ অভ্যন্তৰীণ কৰ্ণাটক, ২০ৰ পৰা ২৪ অক্টোবৰলৈ কেৰালাৰ ওপৰত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে । ২০, ২৩ আৰু ২৪ অক্টোবৰৰ ভিতৰত অন্ধ্ৰ প্ৰদেশত বতৰ ডাৱৰীয়া হৈ পৰিব । দেওবাৰে গুজৰাট আৰু গোৱাত বৰষুণ হ’ব পাৰে, আনহাতে মহাৰাষ্ট্ৰত শিলাবৃষ্টিৰ সৈতে বৰষুণ হব পাৰে ।
৫৫ কিলোমিটাৰ বেগত বতাহ বলিব-
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মাছমৰীয়াসকলক উপকূলৰ ওচৰলৈ নাযাবলৈ পৰামৰ্শ দিছে । এই সময়ছোৱাত ২০-২১ অক্টোবৰত আন্দামান সাগৰত ঘণ্টাত ৩৫ কিলোমিটাৰৰ পৰা ৪৫ কিলোমিটাৰ পৰ্যন্ত বতাহৰ গতিবেগ ঘণ্টাত ৫৫ কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । ধাৰাসাৰ বৰষুণৰ ফলত পথত পানী জমা হ’ব পাৰে, যাৰ ফলত যাতায়ত ব্যাহত হ’ব পাৰে ।
ঘূৰ্ণীবতাহ ডানা আহিব পাব পাৰে-
সাগৰীয় দানৱ ডানা পুনৰ সাৰ পোৱাৰ সম্ভাৱনা আছে । ২৪ৰ পৰা ২৬ অক্টোবৰৰ ভিতৰত উপকূলত ডানা ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰিব পাৰে, যাৰ প্ৰভাৱ ভাৰত, বাংলাদেশ আৰু ম্যানমাৰত আটাইতকৈ বেছি পৰিব । এই সময়ছোৱাত পশ্চিম বংগৰ পৰা দক্ষিণ ভাৰতলৈ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে ।