বিশ্বত পুনৰ নতুন ভাইৰাছৰ আতংকৰ সৃষ্টি হৈছে। ইতিমধ্যে চীনত এই ভাইৰাছে দ্ৰুতগতিত বিয়পি পৰিছে। দেশখনত কৰ’ণা ভাইৰাছৰ দৰে পুনৰ সন্ত্ৰাস চলাইছে HMPV ভাইৰাছে।
এই ভাইৰাছৰ বাবে পুনৰ চীনত জাৰি কৰা হৈছে হাই এলাৰ্ট। একাংশই দাবী কৰিছে যে দেশখনৰ চিকিৎসালয় আৰু শ্মশানত এই ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীয়ে ভিৰ কৰিছে।
চীনৰ পৰা অহা এই খবৰৰ পিছত পুনৰ আতংকিত হৈছে বিশ্ববাসী। হিউমেন মেটানিউমন ভাইৰাছৰ বাবে জাৰি হাই এলাৰ্ট। জানিব পৰা মতে কৰ’ণা ভাইৰাছৰ দৰে ১৪ বছৰৰ তলৰ শিশুৰ বাবে অধিক ভয়াবহ এই ভাইৰাছ।
শীতৰ সময়ত অধিক সংক্ৰমিত হোৱা এই ভাইৰাছ অধিক ভয়াৱহ। এই ভাইৰাছৰ লক্ষণ সমূহ হৈছে- পানী লগাসদৃশ জ্বৰ, উশাহ নিঃশাহ লোৱাত কষ্ট,হাপানীৰ তীব্ৰতা বৃদ্ধিও এই ৰোগৰ লক্ষণ। ইয়াৰ বাবে সঘনাই হাত ধুই থকাৰ আহ্বান চিকিৎসকৰ।