উত্তৰ প্ৰদেশৰ সম্ভলৰ জামা মছজিদৰ জৰীপৰ সময়ত হোৱা হতাহতিৰ ফলত দুজন লোকৰ মৃত্যু হৈছে। জিলাখনৰ এছপিয়ে এই খবৰটো নিশ্চিত কৰিছে। তেওঁ কৈছিল যে এই ঘটনাটোত দুজন লোকে প্ৰাণ হেৰুৱাইছে।
দৰাচলতে, শনিবাৰে ৰাতিপুৱা, আদালতৰ নিৰ্দেশৰ পিছত দলটোৱে যেতিয়া জৰীপ কৰিবলৈ গৈছিল, সংখ্যালঘু লোক সকলে শিলগুটি নিক্ষেপ কৰিছিল।যাৰ পিছত আৰক্ষীয়ে প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি কন্দোৱা নিক্ষেপ কৰিব লগা হৈছিল।
এই সময়ছোৱাত, প্ৰতিবাদকাৰীসকলে অগ্নিসংযোগো কৰিছিল । ঘটনাটোৰ সময়ত কেইবাগৰাকী আৰক্ষীও আহত হৈছে।