সমগ্ৰ দেশতে ইণ্ডিগ’ৰ বুকিং ব্যৱস্থা বিকল।বিপদত পৰিছে বহু যাত্ৰী। বিমান বন্দৰত দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে। ঘন্টা ঘন্টা ধৰি আৱদ্ধ হৈ আছে যাত্ৰীসকল।
ইণ্ডিগ’ৰ বুকিং ব্যৱস্থাত কাৰিকৰী সমস্যাৰ বাবে যাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছে। ইণ্ডিগ’ৰ নেটৱৰ্কৰ মন্থৰতাৰ বাবে তেওঁলোকৰ ৱেবছাইট আৰু বুকিং ব্যৱস্থা প্ৰভাৱিত হৈছে, যাৰ বাবে যাত্ৰীসকলে চেক-ইন প্ৰক্ৰিয়াত সমস্যাৰ সন্মুখীন হৈছে।
ইণ্ডিগ’ই নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত জনাই, তেওঁলোকে বিকল ব্যৱস্থা ঠিক কৰাৰ প্ৰক্ৰিয়া চলাই আছে আৰু যাত্ৰীসকলক সহায় আগবঢ়োৱাৰ বাবে সম্পূৰ্ণৰূপে চেষ্টা চলাই আছে। কোম্পানীটোৱে কয় যে, অতি সোনকালে পৰিস্থিতি স্বাভাৱিক কৰা হ’ব।
কোম্পানীটোৱে টুইটাৰত পোষ্ট কৰি কয়, “আমি বৰ্তমান আমাৰ নেটৱৰ্কৰ সৈতে এটা অস্থায়ী কাৰিকৰী সমস্যাৰ সন্মুখীন হৈছো, যিয়ে আমাৰ ৱেবছাইট আৰু বুকিং ব্যৱস্থাত প্ৰভাৱ পেলাইছে। ইয়াৰ ফলত গ্ৰাহকৰ বাবে চেক-ইন প্ৰক্ৰিয়াত অধিক সময় লাগিব পাৰে। “
বিমানবন্দৰত যাত্ৰীসকল দীঘলীয়া শাৰীৰ সন্মুখীন হ’বলগীয়া হৈছে। পৰিস্থিতি অতি সোনকালে স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বাবে কাৰিকৰী প্ৰক্ৰিয়া চলাই থকা হৈছে।