মাজ আকাশতে বিকল ইণ্ডিন! দিল্লীৰ বিমানবন্দৰত ইণ্ডিগ’ বিমানৰ ‘পূৰ্ণ জৰুৰীকালীন’ অৱতৰণ

দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। মাজ আকাশতে এখন ইণ্ডিগ’ বিমানৰ কাৰিকৰী বিজুতিৰ ফলত ‘পূৰ্ণ জৰুৰীকালীন’ অৱতৰণ কৰা হয়।

শনিবাৰে পুৱা দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় যেতিয়া বিশাখাপট্টনমৰ পৰা দিল্লীলৈ যোৱা ইণ্ডিগ’ বিমানত কাৰিকৰী বিজুতিৰ সন্দৰ্ভত খবৰ পোৱা গৈছিল। বিমানখনৰ ইঞ্জিন বিকল হোৱাৰ আশংকাত ২৮ নং ৰাণৱেত ‘ফুল ইমাৰ্জেন্সি’ ঘোষণা কৰা হয়।কিন্তু পাইলটৰ বুদ্ধিমত্তা আৰু বিমানবন্দৰ প্ৰশাসনৰ সজাগতাৰ বাবেই ১৬১ গৰাকীৰ যাত্ৰী জীৱন ৰক্ষা পৰে।  

জানিব পৰা মতে,জৰুৰীকালীন প্ৰট’কলৰ মাজত,ইণ্ডিগো বিমানখনে আই জি আই বিমানবন্দৰৰ ২৮ নং ৰাণৱেত পুৱা ১০:৫৪ বজাত নিৰাপদে অৱতৰণ কৰে।অৱতৰণৰ সময়ত ৰাণৱেত অগ্নিনিৰ্বাপক বাহিনী আৰু এম্বুলেন্স মোতায়েন কৰা হৈছিল,যাতে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি চম্ভালিব পৰা যায়।

প্ৰাথমিক তথ্য অনুসৰি,বিমানখনৰ কাৰিকৰী বিজুতিৰ বাবেই ফোন কৰা হৈছিল।লগে লগে বিমানবন্দৰৰ সকলোকে সতৰ্কতা অৱলম্বন কৰা হয়।ইণ্ডিগ’ৰ কাৰিকৰী দলে এতিয়া বিমানখনৰ সম্যক পৰিদৰ্শন চলাই আছে যাতে কি গুৰুতৰ বিজুতি আছিল সেইটো নিৰ্ণয় কৰিব পাৰে।এই বিমানখনত মুঠ ১৬১ জন যাত্ৰী আছিল।অৱতৰণ কৰাৰ লগে লগে সকলো যাত্ৰীক বিমানখনৰ পৰা নিৰাপদে উলিয়াই অনা হয়।

লগতে পঢ়ক: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, জীৱন্তে অগ্নিদগ্ধ ১০ গৰাকী

ইণ্ডিগ’ সংকটৰ মাজতে DGCA ৰ ব্যৱস্থা; গাফিলতিৰ বাবে ৪ জন পৰিদৰ্শকক নিলম্বন

৪ জন পৰিদৰ্শকৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে DGCA। ফ্লাইট অপাৰেচন ইন্সপেক্টৰ হিচাপে কৰ্মৰত ৪ জন পৰিদৰ্শকক নিলম্বন।

ইণ্ডিগ’এয়াৰলাইন্সৰ পৰিচালনাৰ লগত জড়িত সমস্যাৰ প্ৰাৰম্ভিক তদন্তত বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে অসামৰিক বিমান পৰিবহণ সঞ্চালকাল( DGCA) এ।

তদন্তত একাংশ পৰিদৰ্শকক দোষী সাব্যস্ত হোৱাৰ পিছত ডিজিচিএই ইণ্ডিগ’ক নিৰীক্ষণ কৰা চাৰিজন বিমান পৰিচালনা পৰিদৰ্শকক নিলম্বন কৰা হৈছে।

এই আটাইকেইজন পৰিদৰ্শক ইণ্ডিগ’ বিমানৰ সুৰক্ষা আৰু পৰিচালনা পৰীক্ষাৰ লগত জড়িত আছিল। ধাৰণা কৰা হৈছে যে, তদন্ত আৰু নিৰীক্ষণৰ ক্ষেত্ৰত অৱহেলাৰ বাবে ডিজিচিএই এই কঠোৰ পদক্ষেপ ল’বলগীয়া হৈছিল।

যিসকল বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই আটাইকেইজন বিষয়া ঠিকাভিত্তিকভাৱে ডিজিচিএত কাম কৰি আছিল আৰু তেওঁৰ দায়িত্ব বিমান সংস্থাসমূহৰ বিশেষকৈ ইণ্ডিগ’ৰ নিৰাপত্তা আৰু কাৰ্য্যকৰী তদাৰকী আছিল।

ইয়াৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে বিমান চলাচলত ব্যাঘাত জন্মা আৰু বিমানবন্দৰত যাত্ৰীসকলে সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত কেন্দ্ৰ আৰু ডিজিচিএক কঠোৰ প্ৰশ্ন উত্থাপন কৰিছিল।

লগতে পঢ়ক: ৰাজপথত চাৰিচকীয়া বাহনৰ সৈতে বিমানৰ সংঘৰ্ষ, ভাইৰেল দুৰ্ঘটনাৰ ভয়াৱহ ভিডিঅ’

ইণ্ডিগ’ৰ বৃহৎ ঘোষণা; যাত্ৰীক ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি

ইণ্ডিগ’ৰ বিমান বাতিলৰ বাবে হাজাৰ হাজাৰ যাত্ৰীয়ে হাৰাশাস্তিৰ সন্মুখীন হৈছিল।অৱশেষত হাজাৰ হাজাৰ যাত্ৰীক ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

অৱশেষত চলিত মাহৰ ৩, ৪ আৰু ৫ তাৰিখে ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ হৈ থকা হাজাৰ হাজাৰ যাত্ৰীৰ দাবী মানি ললে দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ই।

কোম্পানীটোৱে স্বীকাৰ কৰে যে কাৰিকৰী আৰু কাৰ্যকৰী সমস্যাৰ বাবে বহু বিমান বাতিল হোৱাৰ লগতে যাত্ৰীসকলে বৃহৎ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। এতিয়া কোম্পানীটোৱে ক্ষতিগ্ৰস্ত যাত্ৰীসকলক ১০ হাজাৰ পৰ্যন্ত ক্ষতিপূৰণ আৰু ট্ৰেভেল ভাউচাৰ প্ৰদান কৰিব।

কোম্পানীটোৱে এক আনুষ্ঠানিক বিবৃতিত কয় যে, যিসকল যাত্ৰীৰ বিমান বাতিল হৈছিল আৰু যিসকল যাত্ৰী আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল, তেওঁলোকক ১০ হাজাৰ টকাৰ ট্ৰেভেল ভাউচাৰ দিয়া হ’ব।

তেওঁলোকে জনোৱা মতে, অধিকাংশ যাত্ৰীৰ ধন ঘূৰাই দিয়াৰ প্ৰক্ৰিয়া চলিছে।বাকী থকা ধনৰাশিও ৭-১০ দিনৰ ভিতৰত একাউণ্টত জমা হ’ব।

চৰকাৰী (DGCA) নিয়ম অনুসৰি নিৰ্ধাৰিত সময়ৰ ২৪ ঘণ্টাৰ ভিতৰত যদি বিমানখন বাতিল কৰা হয়, তেন্তে বিমান সংস্থাটোৱে ৫ হাজাৰৰ পৰা ১০ হাজাৰ টকালৈকে ক্ষতিপূৰণ দিব লাগিব।

ইণ্ডিগ’এ এই নিয়ম সম্পূৰ্ণৰূপে পালন কৰি থকা বুলি উল্লেখ কৰিছে আৰু প্ৰয়োজনীয় ক্ষেত্ৰত এই ক্ষতিপূৰণো পৃথকৈ দিয়া হ’ব বুলি উল্লেখ কৰিছে।

লগতে পঢ়ক: আমেৰিকাৰ পাছত এতিয়া এইখন দেশৰ শুল্ক আক্ৰমণ, ভাৰতকে ধৰি বহু দেশৰ ওপৰত ৫০% শুল্ক !

ইণ্ডিগ’ৰ ডাঙৰ ঘোষণা!ঘূৰাই দিয়া হ’ব বাতিল কৰা বিমানৰ সম্পূৰ্ণ ধন

সমগ্র দেশতে ইণ্ডিগ’ৰ বহুসংখ্যক বিমানৰ সেৱা বাতিলৰ ফলত যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

বৰ্তমান সময়ত দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ই বৃহৎ কাৰ্যকৰী সংকটৰ মাজেৰে পাৰ হৈ আহিছে।ইখনৰ পিছত সিখন বিমান বাতিল,ঘণ্টাৰ পিছত ঘণ্টা পলম, বিমানবন্দৰত দুৰ্দশাগ্ৰস্ত যাত্ৰী আৰু অসহায় পৰিয়াল…যোৱা কেইদিনমানত দেশৰ বিমানবন্দৰসমূহত দেখা গ’ল একেধৰণৰ দৃশ্য।এনে সংকটৰ মাজতে অৱশেষত ইণ্ডিগ’এ এটা ডাঙৰ পদক্ষেপ লৈ যাত্ৰীসকলক সকাহ দিয়াৰ কথা ঘোষণা কৰিছে।

ইণ্ডিগ’ই এক্সত (পূৰ্বৰ টুইটাৰ) ৰাজহুৱা বিবৃতি প্ৰকাশ কৰি সমগ্ৰ দেশৰ যাত্ৰীসকলৰ ওচৰত ক্ষমা বিচাৰি স্বীকাৰ কৰে যে,যোৱা কেইটামান দিন অত্যন্ত কঠিন হৈ পৰিছে আৰু এদিনতে এই পৰিস্থিতিৰ উন্নতি নহ’ব।

কোম্পানীটোৱে কৈছে যে, তেওঁলোকে নিজৰ সকলো শক্তিৰে চিস্টেম পুনৰাৰম্ভ কৰিবলে আৰু স্বাভাৱিক কাৰ্য্যসমূহ পুনৰুদ্ধাৰ কৰিবলৈ কাম কৰি আছে।

ইণ্ডিগ’এ  জনোৱা মতে, ৫ ডিচেম্বৰত বাতিলৰ সংখ্যা সৰ্বাধিক আছিল, কাৰণ বিমান সংস্থাটোৱে নিজৰ সকলো চিষ্টেম আৰু সূচী ৰিছেট কৰি আছে যাতে সোনকালেই সেৱা আৰম্ভ হ’ব পাৰে।

ইণ্ডিগ’ই ক্ষতিগ্ৰস্ত যাত্ৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সা-সুবিধাৰ ঘোষণা কৰিছে:

#বাতিল কৰা সকলো বিমানৰ ধন স্বয়ংক্ৰিয়ভাৱে একেটা পেমেণ্ট মোডলৈ যাব,যাৰ পৰা টিকট বুকিং কৰা হৈছিল।

#৫ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈকে সকলো বুকিঙতে বাতিল আৰু পুনৰ নিৰ্ধাৰণ বিনামূলীয়া হ’ব।

#ডাঙৰ ডাঙৰ চহৰত যাত্ৰীসকলৰ বাবে হাজাৰ হাজাৰ হোটেলৰ কোঠা আৰু পৃষ্ঠীয় পৰিবহণৰ ব্যৱস্থা কৰা হৈছে।

#বিমানবন্দৰত আবদ্ধ হৈ থকা যাত্ৰীসকলক খাদ্য আৰু জলপান যোগান ধৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

#জ্যেষ্ঠ নাগৰিকসকলৰ বাবেও য’তেই সম্ভৱ লাউঞ্জৰ ব্যৱস্থা কৰা হৈছে।

লগতে পঢ়ক: ইণ্ডিগ’ৰ ১৩০০ বিমান বাতিল; দিল্লী বিমানবন্দৰত যাত্ৰীক সতৰ্কবাণী

ইণ্ডিগ’ৰ ১৩০০ বিমান বাতিল; দিল্লী বিমানবন্দৰত যাত্ৰীক সতৰ্কবাণী

ইণ্ডিগ’ৰ ১৩০০ বিমান বাতিলৰ পিছতে যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। বিমানবন্দৰত দিছে সতৰ্কবাণী।

চাৰিদিনত ইণ্ডিগ’ৰ ১৩০০খন বিমান বাতিল হোৱাৰ বাবেই যাত্ৰী সকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।দিল্লী, মুম্বাই, হায়দৰাবাদৰ পৰা বেংগালুৰু বিমানবন্দৰলৈ ১০ৰ পৰা ১২ ঘণ্টা অপেক্ষা কৰি থকা বিমান যাত্ৰীসকলে সহায় বিচাৰি কান্দিছ উঠিছে।

ইফালে দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই বিমান যাত্ৰীসকলক এক পৰামৰ্শ জাৰি কৰিছে।ইয়াৰ জৰিয়তে যাত্ৰীসকলক ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে বিমানৰ অৱস্থা পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

যাতে তেওঁলোকে বিমান বাতিল বা বিশাল পলমৰ অসুবিধাৰ পৰা হাত সাৰিব পাৰে।যাত্ৰীসকলক জাৰি কৰা পৰামৰ্শত কোৱা হৈছে যে ঘৰুৱা বিমান চলাচলৰ সমস্যাৰ বাবে পলম আৰু বাতিলৰ সন্মুখীন হৈছে।

যাতে তেওঁলোকে বিমান বাতিল বা পলমৰ অসুবিধাৰ পৰা হাত সাৰিব পাৰে।যাত্ৰীসকলক জাৰি কৰা পৰামৰ্শত কোৱা হৈছে যে ঘৰুৱা বিমান চলাচলৰ সমস্যাৰ বাবে পলম আৰু বাতিলৰ সন্মুখীন হৈছে।

আমি সকলো যাত্ৰীকে অনুৰোধ জনাইছো  যে বিমানবন্দৰলৈ যোৱাৰ আগতে বিমান সংস্থাৰ সৈতে পোনপটীয়াকৈ নিজৰ বিমানৰ অৱস্থা পৰীক্ষা কৰক।

আমাৰ দল আৰু সকলো অংশীদাৰে একেলগে পৰিস্থিতি পৰিচালনা কৰি যাত্ৰীসকলক এক উন্নত অভিজ্ঞতা প্ৰদানৰ বাবে অবিৰতভাৱে কাম কৰি আছে।

ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আজি সমগ্ৰ দেশতে ১৩০০ ইণ্ডিগো বিমান বাতিল কৰা হৈছে। সন্ধিয়া ৬ বজালৈকে দিল্লীৰ পৰা সকলো ঘৰুৱা বিমান টি-৩ৰ পৰা বাতিল কৰা হৈছে।

দিল্লী বিমানবন্দৰত পুৱাৰে পৰা বাতিল কৰা হৈছে কেইবাখনো ইণ্ডিগ’ৰ বিমান।ইণ্ডিৰা গান্ধী বিমানবন্দৰৰ পৰা আজি ইণ্ডিগ’ৰ ১৩৫খন আউটগোয়িং আৰু ৯০খন ইনকামিং বিমান বাতিল কৰা হৈছে।

লগতে পঢ়ক: ভাৰতলৈ পুটিন অহা বিমানখনত কিয় লিখা আছে Poccnr? ইয়াৰ অৰ্থ কি?

এ৩২০ ছিৰিজৰ বিমান সন্দৰ্ভত এয়াৰবাছে জাৰি কৰিছে সতৰ্কবাণী; সূৰ্যৰ পোহৰত ব্যাঘাত বিমান নিয়ন্ত্ৰণত

এ৩২০ ছিৰিজৰ বিমান সন্দৰ্ভত এয়াৰবাছে জাৰি কৰিছে সতৰ্কবাণী

ভাৰতত ইণ্ডিগ’, এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বহু বিমানে সমস্যাৰ সন্মুখীন হ’ব পাৰে,কাৰণ তেওঁলোকৰ এ৩২০ পৰিয়ালৰ ফ্লীটত কাৰিকৰী বিজুতি পোৱা গৈছে।

ফ্ৰান্সৰ বিমান কোম্পানী এয়াৰবাছে জনোৱা মতে,প্ৰবল সূৰ্যৰ পোহৰে কিছুমান বিমানৰ উৰণ নিয়ন্ত্ৰণ ব্যৱস্থাৰ বাবে গুৰুত্বপূৰ্ণ তথ্যক নষ্ট কৰাৰ সন্দেহ কৰা হৈছে।

যদি এই তথ্য ভুল হয় তেন্তে ইয়াৰ ফলত বিমান নিয়ন্ত্ৰণত প্ৰভাৱ পৰিব পাৰে। আৰু ইয়াৰ বাবেই বহু বিমান চেক আৰু আপডেট কৰাৰ বাবে গ্ৰাউণ্ড কৰিব লাগিব।

এই জৰুৰীকালীন অৱস্থাই যাত্ৰীসকলৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব কাৰণ অনাগত দিনত বিমানৰ পলম আৰু বাতিল বৃদ্ধি হ’ব পাৰে।

দেশত ৫৬০খনতকৈও অধিক এ৩২০ বিমান উৰে,আৰু ইয়াৰে প্ৰায় ২০০–২৫০খন বিমান তৎকালীন পৰিদৰ্শন আৰু সলনি কৰাৰ প্ৰয়োজন।

কিছুমানৰ চফ্টৱেৰ সলনি হ’ব, আনহাতে কিছুমানৰ হাৰ্ডৱেৰ পোন বা সলনি কৰা হ’ব।এই সময়ছোৱাত বিমানসমূহ মাটিত ৰাখিব লাগিব, গতিকে বিমান সেৱা পলম হ’ব পাৰে বা বাতিলো হ’ব পাৰে।

ইউৰোপীয় সংঘৰ বিমান সুৰক্ষা সংস্থাই জৰুৰীকালীন জাননী জাৰি কৰি কয় বিমানত এটা ভাল ইলাক কম্পিউটাৰ ইনষ্টল কৰাটো গুৰুত্বপূৰ্ণ,যিয়ে উৰণ নিয়ন্ত্ৰণ চম্ভালে।

এয়াৰবাছৰ মতে, শেহতীয়াকৈ এ৩২০ বিমান এখনে অবাঞ্চিত পিচ ডাউন মুভমেণ্ট দেখিবলৈ পোৱা গৈছিল যিটোৰ কাৰণ ELAC ৰ বিজুতি হ’ব পাৰে ।

যদি সময়মতে সমস্যাটো সমাধান কৰা নহয় তেন্তে বেয়া হোৱা ELAC  এ অনিয়ন্ত্ৰিত গতিবিধিৰ সৃষ্টি কৰিব পাৰে যিয়ে সুৰক্ষাক বিপদত পেলাব পাৰে।

লগতে পঢ়ক: নিজৰ শুল্কৰ বাবেই বিপদত ট্ৰাম্প; ৬ খনকৈ দেশে বাতিল কৰিলে এফ-৩৫ যুঁজাৰু বিমানৰ চুক্তি

দিল্লীৰ পৰা ৰায়পুৰলৈ যোৱা বিমানৰ খুল নাখালে দুৱাৰ; আৱদ্ধ প্ৰাক্তন মূখ্যমন্ত্ৰী ভূপেশ বাঘেল

বিমানত আৱদ্ধ ভূপেশ বাঘেল

দিল্লীৰ পৰা ৰায়পুৰ অভিমুখী ইণ্ডিগো এয়াৰলাইন্সৰ বিমানখনৰ কাৰিকৰী বিজুতি ঘটে।অৱতৰণ কৰাৰ পিছত খোলা নাছিল বিমানখনৰ দুৱাৰ, যাৰ বাবে বিমানৰ ভিতৰত প্ৰায় ৩০ মিনিট যাত্ৰীসকল আবদ্ধ হৈ থাকিবলগীয়া হৈছিল।ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলেও এই বিমানত যাত্ৰা কৰিছিল।

ৰাণৱেত বন্ধ হ’ল বিমান

ৰায়পুৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত, যেতিয়া যাত্ৰীসকলে বিমানখনৰ পৰা নামিবলৈ থিয় হ’ল, তেতিয়া দুৱাৰখন খোল নাখালে।

বহু প্ৰচেষ্টাৰ পিছতো খোলা নাছিল গেটখন, যাৰ বাবে যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হৈছিল।অৱশ্যে আধা ঘণ্টাৰ পাছত অভিযন্তাৰ সহায়ত খুলি দিয়া হ’ল দুৱাৰখন, তেতিয়াহে সকলো যাত্ৰী ওলাই আহিব পাৰিলে।

ভূপেশ বাঘেলে নিজেই দিলে এই খবৰ

প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা এই ঘটনা সন্দৰ্ভত তথ্য প্ৰদান কৰে। তেওঁ কৈছিল যে, ‘ইণ্ডিগো বিমানেৰে আমি দিল্লীৰ পৰা ৰায়পুৰলৈ আহিছিলো”।

“বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত কাৰিকৰী দোষৰ বাবে দুৱাৰখন খোলা নাছিল।আধা ঘণ্টামান বিমানখনত আবদ্ধ হৈ থাকিল সকলো যাত্ৰী।”

কিন্তু ঘটনাৰ পাছতো ইণ্ডিগো এয়াৰলাইন্সে বৰ্তমানলৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।কিন্তু যাত্ৰীসকলে কয় যে এনে সমস্যাই বিমানৰ সুৰক্ষা আৰু সুবিধা দুয়োটা দিশতে প্ৰশ্ন উত্থাপন কৰে।

লগতে পঢ়ক: আমিৰ খানে নাকচ কৰিলে ১২০ কোটি টকাৰ OTT চুক্তি; ‘সিতাৰে জমিন পাৰ’ শ্ব’ৰসময় নিৰ্ধাৰণ