ইণ্ডিগ’ৰ বৃহৎ ঘোষণা; যাত্ৰীক ১০ হাজাৰ টকা পৰ্যন্ত ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি

ইণ্ডিগ’ৰ বৃহৎ ঘোষণা; যাত্ৰীক ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি

ইণ্ডিগ’ৰ বিমান বাতিলৰ বাবে হাজাৰ হাজাৰ যাত্ৰীয়ে হাৰাশাস্তিৰ সন্মুখীন হৈছিল।অৱশেষত হাজাৰ হাজাৰ যাত্ৰীক ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিছে। অৱশেষত চলিত মাহৰ ৩, ৪ আৰু ৫ তাৰিখে ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ হৈ থকা হাজাৰ হাজাৰ যাত্ৰীৰ দাবী মানি ললে দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ই। কোম্পানীটোৱে

ইণ্ডিগ’ৰ বিমান বাতিলৰ বাবে হাজাৰ হাজাৰ যাত্ৰীয়ে হাৰাশাস্তিৰ সন্মুখীন হৈছিল।অৱশেষত হাজাৰ হাজাৰ যাত্ৰীক ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

অৱশেষত চলিত মাহৰ ৩, ৪ আৰু ৫ তাৰিখে ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিমানবন্দৰত আবদ্ধ হৈ থকা হাজাৰ হাজাৰ যাত্ৰীৰ দাবী মানি ললে দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ই।

কোম্পানীটোৱে স্বীকাৰ কৰে যে কাৰিকৰী আৰু কাৰ্যকৰী সমস্যাৰ বাবে বহু বিমান বাতিল হোৱাৰ লগতে যাত্ৰীসকলে বৃহৎ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। এতিয়া কোম্পানীটোৱে ক্ষতিগ্ৰস্ত যাত্ৰীসকলক ১০ হাজাৰ পৰ্যন্ত ক্ষতিপূৰণ আৰু ট্ৰেভেল ভাউচাৰ প্ৰদান কৰিব।

কোম্পানীটোৱে এক আনুষ্ঠানিক বিবৃতিত কয় যে, যিসকল যাত্ৰীৰ বিমান বাতিল হৈছিল আৰু যিসকল যাত্ৰী আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল, তেওঁলোকক ১০ হাজাৰ টকাৰ ট্ৰেভেল ভাউচাৰ দিয়া হ’ব।

তেওঁলোকে জনোৱা মতে, অধিকাংশ যাত্ৰীৰ ধন ঘূৰাই দিয়াৰ প্ৰক্ৰিয়া চলিছে।বাকী থকা ধনৰাশিও ৭-১০ দিনৰ ভিতৰত একাউণ্টত জমা হ’ব।

চৰকাৰী (DGCA) নিয়ম অনুসৰি নিৰ্ধাৰিত সময়ৰ ২৪ ঘণ্টাৰ ভিতৰত যদি বিমানখন বাতিল কৰা হয়, তেন্তে বিমান সংস্থাটোৱে ৫ হাজাৰৰ পৰা ১০ হাজাৰ টকালৈকে ক্ষতিপূৰণ দিব লাগিব।

ইণ্ডিগ’এ এই নিয়ম সম্পূৰ্ণৰূপে পালন কৰি থকা বুলি উল্লেখ কৰিছে আৰু প্ৰয়োজনীয় ক্ষেত্ৰত এই ক্ষতিপূৰণো পৃথকৈ দিয়া হ’ব বুলি উল্লেখ কৰিছে।

লগতে পঢ়ক: আমেৰিকাৰ পাছত এতিয়া এইখন দেশৰ শুল্ক আক্ৰমণ, ভাৰতকে ধৰি বহু দেশৰ ওপৰত ৫০% শুল্ক !

শেহতীয়া প্ৰৱন্ধসমূহ