ইণ্ডিগ’ৰ ডাঙৰ ঘোষণা!ঘূৰাই দিয়া হ’ব বাতিল কৰা বিমানৰ সম্পূৰ্ণ ধন

ইণ্ডিগ’ৰ ডাঙৰ ঘোষণা!ঘূৰাই দিয়া হ’ব বাতিল কৰা বিমানৰ সম্পূৰ্ণ ধন

সমগ্র দেশতে ইণ্ডিগ’ৰ বহুসংখ্যক বিমানৰ সেৱা বাতিলৰ ফলত যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰ্তমান সময়ত দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ই বৃহৎ কাৰ্যকৰী সংকটৰ মাজেৰে পাৰ হৈ আহিছে।ইখনৰ পিছত সিখন বিমান বাতিল,ঘণ্টাৰ পিছত ঘণ্টা পলম, বিমানবন্দৰত দুৰ্দশাগ্ৰস্ত যাত্ৰী আৰু অসহায় পৰিয়াল…যোৱা কেইদিনমানত দেশৰ বিমানবন্দৰসমূহত দেখা

সমগ্র দেশতে ইণ্ডিগ’ৰ বহুসংখ্যক বিমানৰ সেৱা বাতিলৰ ফলত যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

বৰ্তমান সময়ত দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ই বৃহৎ কাৰ্যকৰী সংকটৰ মাজেৰে পাৰ হৈ আহিছে।ইখনৰ পিছত সিখন বিমান বাতিল,ঘণ্টাৰ পিছত ঘণ্টা পলম, বিমানবন্দৰত দুৰ্দশাগ্ৰস্ত যাত্ৰী আৰু অসহায় পৰিয়াল…যোৱা কেইদিনমানত দেশৰ বিমানবন্দৰসমূহত দেখা গ’ল একেধৰণৰ দৃশ্য।এনে সংকটৰ মাজতে অৱশেষত ইণ্ডিগ’এ এটা ডাঙৰ পদক্ষেপ লৈ যাত্ৰীসকলক সকাহ দিয়াৰ কথা ঘোষণা কৰিছে।

ইণ্ডিগ’ই এক্সত (পূৰ্বৰ টুইটাৰ) ৰাজহুৱা বিবৃতি প্ৰকাশ কৰি সমগ্ৰ দেশৰ যাত্ৰীসকলৰ ওচৰত ক্ষমা বিচাৰি স্বীকাৰ কৰে যে,যোৱা কেইটামান দিন অত্যন্ত কঠিন হৈ পৰিছে আৰু এদিনতে এই পৰিস্থিতিৰ উন্নতি নহ’ব।

কোম্পানীটোৱে কৈছে যে, তেওঁলোকে নিজৰ সকলো শক্তিৰে চিস্টেম পুনৰাৰম্ভ কৰিবলে আৰু স্বাভাৱিক কাৰ্য্যসমূহ পুনৰুদ্ধাৰ কৰিবলৈ কাম কৰি আছে।

ইণ্ডিগ’এ  জনোৱা মতে, ৫ ডিচেম্বৰত বাতিলৰ সংখ্যা সৰ্বাধিক আছিল, কাৰণ বিমান সংস্থাটোৱে নিজৰ সকলো চিষ্টেম আৰু সূচী ৰিছেট কৰি আছে যাতে সোনকালেই সেৱা আৰম্ভ হ’ব পাৰে।

ইণ্ডিগ’ই ক্ষতিগ্ৰস্ত যাত্ৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সা-সুবিধাৰ ঘোষণা কৰিছে:

#বাতিল কৰা সকলো বিমানৰ ধন স্বয়ংক্ৰিয়ভাৱে একেটা পেমেণ্ট মোডলৈ যাব,যাৰ পৰা টিকট বুকিং কৰা হৈছিল।

#৫ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈকে সকলো বুকিঙতে বাতিল আৰু পুনৰ নিৰ্ধাৰণ বিনামূলীয়া হ’ব।

#ডাঙৰ ডাঙৰ চহৰত যাত্ৰীসকলৰ বাবে হাজাৰ হাজাৰ হোটেলৰ কোঠা আৰু পৃষ্ঠীয় পৰিবহণৰ ব্যৱস্থা কৰা হৈছে।

#বিমানবন্দৰত আবদ্ধ হৈ থকা যাত্ৰীসকলক খাদ্য আৰু জলপান যোগান ধৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

#জ্যেষ্ঠ নাগৰিকসকলৰ বাবেও য’তেই সম্ভৱ লাউঞ্জৰ ব্যৱস্থা কৰা হৈছে।

লগতে পঢ়ক: ইণ্ডিগ’ৰ ১৩০০ বিমান বাতিল; দিল্লী বিমানবন্দৰত যাত্ৰীক সতৰ্কবাণী

শেহতীয়া প্ৰৱন্ধসমূহ