এখন ব্যক্তিগত বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয় । এই দুৰ্ঘটনা ইমানেই ভয়াৱহ আছিল যে লগে লগে বাছখনত অগ্নিসংযোগ হয় ।
অন্ধ্ৰ প্ৰদেশৰ মাৰ্কাপুৰম জিলাত বৃহস্পতিবাৰে পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । ৰায়ৱৰামৰ সমীপৰ কুৱেৰী এলেকাৰ সমীপত এখন ব্যক্তিগত বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয় । এই দুৰ্ঘটনা ইমানেই ভয়াৱহ আছিল যে লগে লগে বাছখনত অগ্নিসংযোগ হয় আৰু বাছখন সম্পূৰ্ণৰূপে ছাই হৈ যায় । এই দুৰ্ঘটনাত দহজন লোকৰ মৃত্যু হয়, য’ত কেইবাজনো যাত্ৰীও জীৱন্তে অগ্নিদগ্ধ হয় বুলি জানিব পৰা গৈছে ।
মুখ্যমন্ত্রী চন্দ্রবাবু নাইডুৱে এই ঘটনাত গভীৰ শোক প্রকাশ কৰে আৰু আহতসকলৰ চিকিৎসা সন্দর্ভত বিষয়াসকলৰ সৈতে বাৰ্তালাপত মিলিত হয় । দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভত পুংখানুপুংখ তদন্তৰ নিৰ্দেশ দিছে চৰকাৰে । আহতসকলক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি নাৰাখিবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে । মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলিও উদ্বেগ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । সমগ্ৰ ঘটনা সন্দৰ্ভত বিতং প্ৰতিবেদন দাখিল কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে ।
উল্লেখ্য যে, আৰক্ষীয়ে বুধবাৰে গভীৰ নিশা মাৰ্কাপুৰ জিলাৰ ৰায়াৱৰামৰ সমীপৱৰ্তী শিলৰ কুৱেৰীৰ সমীপত এখন ব্যক্তিগত বাছ আৰু ট্ৰাকৰ মাজত ভয়ংকৰ সংঘৰ্ষৰ খবৰ লাভ কৰে । আৰক্ষীৰ মতে, বাছখন তেলেংগানাৰ নিৰ্মলৰ পৰা অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰলৈ গৈ আছিল ।
লগতে পঢ়ক : মণিপুৰৰ চুৰাচান্দপুৰত তীব্ৰ হিংসাত্মক প্ৰতিবাদ









