আজিৰে পৰা সমগ্ৰ দেশত বলবৎ হৈছে ৱাকফ সংশোধনী আইন । যোৱা সপ্তাহত সংসদ আৰু ৰাষ্ট্ৰপতিয়ে ৱাকফ সংশোধনী আইনখনক অনুমোদন জনাইছিল । ইয়াৰ পিছত নতুন আইনখন কেতিয়া বলবৎ হ’ব সেইটো সিদ্ধান্ত লোৱা হোৱা নাছিল । মঙলবাৰে কেন্দ্ৰীয় চৰকাৰে জাননী জাৰি কৰি কয় যে ৮ এপ্ৰিলৰ পৰা ৱাকফ সংশোধনী আইন কাৰ্যকৰী হ’ব ।
ৰাষ্ট্ৰপতিয়ে জনালে অনুমোদন-
৫ এপ্ৰিলত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৱাকফ সংশোধনী আইনত অনুমোদন জনাইছিল । বাজেট অধিৱেশনৰ সময়ত সংসদে এই বিধেয়ক গৃহীত কৰিছিল । আইন মন্ত্ৰালয়ৰ অধিসূচনাত উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰপতিয়ে দুয়োখন বিধেয়কত সন্মতি দিছে । ৪ এপ্ৰিলত ৰাজ্যসভাই ১২৮টা ভোটৰ সপক্ষে আৰু ৯৫টা বিৰোধী ভোটেৰে বিধেয়কখন গৃহীত কৰাৰ বিপৰীতে লোকসভাই দীঘলীয়া বিতৰ্কৰ অন্তত ৩ এপ্ৰিলত বিধেয়কখনত অনুমোদন জনায় । ইয়াত ২৮৮ জন সাংসদে ইয়াৰ পক্ষত আৰু ২৩২ জন সাংসদে ইয়াৰ বিৰুদ্ধে ভোটদান কৰে ।
উচ্চতম ন্যায়ালয়ত ১০খন আৱেদন দাখিল-
ৰাজনীতিবিদ, অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ড আৰু জমিয়ত উলামা-ই-হিন্দৰ আৱেদনকে ধৰি ৱাকফ আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত মুঠ ১০খনতকৈও অধিক আবেদন দাখিল কৰা হৈছে । এই আবেদনসমূহত নতুনকৈ নিৰ্মিত আইনখনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা হৈছে । এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত কেভিয়েট দাখিল কৰিছে ।