পাকিস্তানৰ ইছলামবাদত অনুষ্ঠিত হৈ থকা চাংহাই সহযোগিতা সংস্থাৰ বৈঠকত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ভাষণত পুনৰবাৰ পাকিস্তানক লক্ষ্য কৰি লয় । পাকিস্তানৰ নাম নোলোৱাকৈ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে যদি সন্ত্ৰাসবাদমূলক ঘটনা অব্যাহত থাকে তেন্তে ব্যৱসায়িক কাৰ্যকলাপকো প্ৰসাৰিত কৰা নহ’ব । এইদৰে জয়শংকৰে পাকিস্তানৰ নাম নোলোৱাকৈ দেশখনক নিজৰ ঘৰতে সমালোচনা কৰে ।
‘দুখন যুদ্ধৰ বাবে সংকটৰ মাজেৰে পাৰ হৈছে বিশ্ব’-
চাংহাই সহযোগিতা সংস্থাৰ মঞ্চত দিয়া ভাষণত ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে ‘যি সময়ত বিশ্বই সংকটৰ মাজেৰে পাৰ হৈ গৈছে, সেই সময়ত আমি বৈঠকত মিলিত হৈছো । দুটা বৃহৎ সংঘাত চলি আছে আৰু ইয়াৰ ফলত সমগ্ৰ বিশ্বতে নেতিবাচক প্ৰভাৱ পৰিছে । কোভিড মহামাৰীয়ে বহু উন্নয়নশীল দেশক বেয়াকৈ প্ৰভাৱিত কৰিছিল । লগতে জলবায়ু পৰিৱৰ্তন, যোগান শৃংখলৰ অনিশ্চয়তা আৰু বিত্তীয় দুৰ্বলতাই বৃদ্ধিত প্ৰভাৱ পেলাইছে ।‘
বৈদেশিক মন্ত্ৰীগৰাকীয়ে এছ চি অ’ দেশসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা, বিশ্বাস, বন্ধুত্ব বৃদ্ধি আৰু ভাল প্ৰতিবেশী হ’বলৈ আহ্বান জনায় । তেওঁ কয় যে সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদ আৰু মৌলবাদৰ বিৰুদ্ধে যুঁজিবলৈ এছ চি অ’ সংগঠনটোৱে এক উমৈহতীয়া প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ।
‘পৃথিৱীখন বহু মেৰুত্বৰ দিশে আগবাঢ়িছে’-
পাকিস্তানক সমালোচনা কৰি বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে যদি আস্থা বা সহযোগিতাৰ অভাৱ হয় তেন্তে সেয়া যথেষ্ট নহয় । যদি বন্ধুত্ব কমি গৈছে আৰু ভাল চুবুৰীয়াৰ অনুভৱ নোহোৱা হৈছে তেন্তে আত্মনিৰীক্ষণৰ নিশ্চয় প্ৰয়োজন আছে । একে সময়তে যেতিয়া আমি আন্তৰিকতাৰে চনদৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিম তেতিয়াহে আমি পাৰস্পৰিক সহযোগিতা আৰু প্ৰতিশ্ৰুতিৰ সুফল সম্পূৰ্ণৰূপে উপলব্ধি কৰিব পাৰিম । কেৱল আমাৰ সুবিধাৰ বাবেই নহয় । আজিৰ পৃথিৱীখন বহু মেৰুত্বৰ দিশে আগবাঢ়িছে । বিশ্বায়ন আৰু পুনৰ ভাৰসাম্য ৰক্ষা কৰাটো এনে বাস্তৱ যিবোৰক অস্বীকাৰ কৰিব নোৱাৰি । এইবোৰে বিনিয়োগ, বাণিজ্য, শক্তি আৰু অন্যান্য ক্ষেত্ৰত সহযোগিতাৰ সুযোগ সৃষ্টি কৰিছে । যদি আমি ইয়াক আগুৱাই লৈ যাওঁ তেন্তে ইয়াৰ দ্বাৰা আমাৰ অঞ্চলটোৰ বহুখিনি লাভ হ’ব ৷
ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে ‘উন্নয়ন আৰু প্ৰগতিৰ বাবে শান্তি আৰু স্থিতিশীলতা প্ৰয়োজনীয় । যদি সীমান্তত সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদ আৰু মৌলবাদ হয়, তেন্তে বাণিজ্য, শক্তি, সংযোগ আৰু জনসাধাৰণৰ সম্পৰ্কক প্ৰসাৰিত কৰাটো কঠিন হ’ব । তেওঁ কয় যে ‘ঔদ্যোগিক সহযোগিতাই প্ৰতিযোগিতা আৰু শ্ৰম বজাৰ সম্প্ৰসাৰণ কৰিব পাৰে । ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ মাজত সহযোগিতাই কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰে । বৃহৎ নেটৱৰ্কৰ দ্বাৰা উদ্যোগিক সমাজ লাভৱান হয় । পাৰস্পৰিক সংযোগে নতুন পথ মুকলি কৰিব পাৰে । লজিষ্টিকছ এক বৃহৎ পৰিৱৰ্তনৰ মাজেৰে আগবাঢ়িছে । পৰিৱেশ, জলবায়ু পৰিৱৰ্তন, স্বাস্থ্য খণ্ড, খাদ্য আৰু শক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ অপৰিসীম সম্ভাৱনা আছে । লগতে সংস্কৃতি, শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰতো বহু উন্নতি হ’ব পাৰে আৰু একেলগে আমি বহু কাম কৰিব পাৰো ।