ভব্য-গব্য দীপোৎসৱৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে অযোধ্যা । ৰামলালাৰ অভিষেকৰ পিছত অনুষ্ঠিত হ’বলগীয়া প্ৰথমটো দীপোৎসৱ বহু দিশত বিশেষ হ’বলৈ গৈ আছে । ইতিমধ্যে সৰজু নদীৰ ৫৫ টা ঘাটত ২৮ লাখ চাকি লগোৱা হৈছে । এইবাৰ ২৫ লাখ চাকি জ্বলাই বিশ্ব অভিলেখ গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে । আনহাতে সমগ্ৰ অযোধ্যাত এই দীপাৱলীত ৩৫ লাখতকৈও অধিক চাকি জ্বলোৱাৰ সম্ভাৱনা আছে ।
![](https://time8.in/wp-content/uploads/2024/10/AAAAA.webp)
মন্দিৰৰ চৌহদ ফুলেৰে সজাই তোলা হ’ব-
শ্ৰী ৰাম জন্মভূমি মন্দিৰ ফুলেৰে সজাই তোলা হ’ব । মন্দিৰ কমপ্লেক্স কেইবাটাও খণ্ড আৰু উপ-শাখাত বিভক্ত কৰি সাজ-সজ্জাৰ কাম দিয়া হৈছে । বিহাৰ কেডাৰৰ অৱসৰপ্ৰাপ্ত আই জি আশু শুক্লাক মন্দিৰৰ প্ৰতিটো কোণ সঠিকভাৱে পোহৰাই তোলাৰ লগতে সকলো প্ৰৱেশদ্বাৰ তোৰণেৰে সজাই-পৰাই তোলাৰ দায়িত্ব দিয়া হৈছে । ইয়াৰ বাবে সকলো ভক্তই সুন্দৰ ফুল আৰু দীপেৰে সজোৱা মন্দিৰৰ ঐশ্বৰিক দৰ্শন কৰিব পাৰিব ।
![](https://time8.in/wp-content/uploads/2024/10/AXZ.webp)
ৰামকথা পাৰ্কত সাজু হৈছে ৰামদৰবাৰ । ৯০ ফুট দৈৰ্ঘ্যৰ ৰাম দৰবাৰ ৰাজপ্ৰসাদৰ থিমেৰে সজাই তোলা হৈছে । দৰবাৰৰ আঁৰৰ সমগ্ৰ দৃশ্য ডিজিটেলভাৱে দেখুৱাবলৈ পৰিকল্পনা কৰা হৈছে । ঠিক ৰামদাৰবৰৰ সন্মুখতে সাধু আৰু সন্তসকল বহিব পৰাকৈ এখন মঞ্চ তৈয়াৰ কৰা হৈছে । যেতিয়া লেজাৰ শ্ব’ আৰু প্ৰজেকচন মেপিঙৰ আখৰা হৈছিল, তেতিয়া মানুহৰ বিশাল ভিৰ পৰিলক্ষিত হৈছিল ।
![](https://time8.in/wp-content/uploads/2024/10/AYO.webp)
এইবাৰৰ দীপাৱলী অতি বিশেষ : প্ৰধানমন্ত্ৰী মোদী
৫০০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ভগৱান ৰামে অযোধ্যাত দীপাৱলী উৎসৱ পালন কৰিব বুলি কয় প্ৰধানমন্ত্ৰী মোদীয়ে । ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে তেওঁ কয়, ‘দুদিনৰ পাছত আমিও দীপাৱলী উদযাপন কৰিম আৰু এইবাৰৰ দীপাৱলী অতি বিশেষ । ৫০০ বছৰৰ পাছত অযোধ্যাৰ ভব্য মন্দিৰত তেওঁ বিৰাজমান হৈছে আৰু তেওঁৰ সৈতে ভব্য মন্দিৰত এয়াই হ’ব প্ৰথম দীপাৱলী । আমি সকলো বহুত ভাগ্যৱান যে আমি ইমান বিশেষ আৰু ভব্য দীপাৱলী চাবলৈ পাইছো ।‘
![](https://time8.in/wp-content/uploads/2024/10/q2nd8j08_deepotsav-ayodhya_625x300_29_October_24-1024x576.webp)
২০১৭ চনত উত্তৰ প্ৰদেশত যোগী আদিত্যনাথ চৰকাৰ গঠন হোৱাৰ পিছত অযোধ্যাৰ পৰ্যটন উন্নয়নৰ বাবে দীপোৎসৱৰ কাৰ্যসূচী আৰম্ভ কৰা হয় । এতিয়া প্ৰতি বছৰে এই উৎসৱ নিজৰ অভিলেখ ভংগ কৰি আছে ।