আমেৰিকাই ভাৰত আৰু বাংলাদেশক তেওঁলোকৰ মতানৈক্য শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ আহ্বান জনাইছে । বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মেথিউ মিলাৰে মঙলবাৰে দুয়োখন দেশক পাৰস্পৰিক আলোচনাৰ জৰিয়তে প্ৰতিটো সমস্যা সমাধান কৰিবলৈ আহ্বান জনায় । শেহতীয়াকৈ ভাৰতৰ বিদেশ সচিবJ বাংলাদেশ ভ্ৰমণ সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত মিলাৰে কয় যে আমি বিচাৰো যে সকলো পক্ষই তেওঁলোকৰ মতভেদ শান্তিপূৰ্ণভাৱে সমাধান কৰক ।
ইয়াৰ পূৰ্বে সোমবাৰে বাংলাদেশ ভ্ৰমণ কৰি বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে বাংলাদেশত সংখ্যালঘু লোকৰ নিৰাপত্তাক লৈ ভাৰতৰ উদ্বেগ প্ৰকাশ কৰিছিল । ভ্ৰমণৰ শেষত ঢাকাত মিশ্ৰীয়ে কয় যে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ ভাৰতৰ ইচ্ছাক মই আলোকপাত কৰিলোঁ । আমি শেহতীয়া কিছুমান পৰিঘটনা আৰু বিষয়ৰ ওপৰতো আলোচনা কৰাৰ সুযোগ পাইছিলোঁ আৰু সংখ্যালঘুৰ সুৰক্ষা আৰু কল্যাণৰ সৈতে জড়িত উদ্বেগসমূহৰ বিষয়ে তেওঁক অৱগত কৰিছিলোঁ ।