বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ আৰম্ভ অভিযান । শনিবাৰৰ নিশাৰ পৰা আৰম্ভ তৃতীয় হৈছে পৰ্যায়ৰ অভিযান । চৰ-চাপৰিৰ পৰা গাঁৱে-ভূঞে, চহৰে-নগৰে সকলোতে চলিছে অভিযান । অভিযানত এই পৰ্যন্ত গ্ৰেপ্তাৰ হৈছে ৪১৬জন অবৈধ স্বামী । এই সন্দৰ্ভত ৰাজ্যত ৰুজু হৈছে সৰ্বমুঠ ৩৩৫টা গোচৰ । ধৃত আটাইকে আজি পৃথকে পৃথকে হাজিৰ কৰোৱা হ’ব আদালতত । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত দিলে এই বিশেষ তথ্য ।
ইয়াৰ মাজতে ধুবুৰীতো নিশা উজাগৰে থাকি আৰক্ষীয়ে মাৰাথন অভিযান চলালে বাল্য বিবাহৰ বিৰুদ্ধে । এই অভিযানত অবৈধ স্বামী আৰু বাল্য বিবাহৰ লগত জড়িত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । নিশাৰ ভাগত ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হয় এইসকল অভিযপক্তক । গোলকগঞ্জত ১০, গৌৰীপুৰত ১৪, বিলাসীপাৰাত ২৩,আগমনিত ৪জনক গ্ৰেপ্তাৰ ।
#Assam continues its fight against child marriage.
— Himanta Biswa Sarma (@himantabiswa) December 22, 2024
In Phase 3 operations launched on the night of Dec 21-22, 416 arrests were made and 335 cases registered.
The arrested individuals will be produced in court today.
We will continue to take bold steps to end this social evil!…
গোৱালপাৰা আৰু শ্ৰীভূমিতো আৰক্ষীৰ জালত পৰিছে অবৈধ স্বামী । গোৱালপাৰাত আৰক্ষীৰ জালত পৰিছে ২০জন অবৈধ স্বামী । আনহাতে শ্ৰীভূমি জিলাতো নিশা গ্ৰেপ্তাৰ ২২জন অবৈধ স্বামী । এই পৰ্যন্ত শ্ৰী ভূমি জিলাত বাল্য বিবাহৰ বিৰুদ্ধে ৰুজু হৈছে ১৯টা গোচৰ । ইফালে বৰপেটা ৰোডত গ্ৰেপ্তাৰ ১২জন, ধুবুৰীত গ্ৰেপ্তাৰ ১৭জন, নগৰবেৰাত ৬ জন, ছাগলীয়াত বৰ্তমানলৈ আৰক্ষীৰ জালত পৰিছে ৬ জন ।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই ৰাজ্যত দুবাৰকৈ চলিছিল বাল্য বিবাহ বিৰোধী অভিযান । এই দুয়োা অভিযানতে অবৈধ স্বামীসহ আৰক্ষীৰ জালত পৰিছিল বাল্য বিবাহৰ সৈতে জৰিত সহস্ৰাধিক লোক । ইয়াৰ পিছতেই এতিয়া ৰাজ্যত আৰক্ষীয়ে আৰম্ভ কৰিছে বাল্য বিবাহ বিৰোধী তৃতীয় পৰ্যায়ৰ অভিযান । এই অভিযানত অবৈধ স্বামীৰ পৰা শাহু-শহুৰ, অভিভাৱক, কাজী-পুৰোহিতলৈকে সাৰি নাযাব কোনো লোক । এই অভিযানৰ পৰা নিস্তাৰ নাপাব নাবালিকাৰ বিবাহ সম্পন্ন কৰা সকল ।