বিয়াৰ নিমন্ত্ৰণী পত্ৰত বাধ্যতামূলক হ’ব দৰা-কইনাৰ জন্ম তাৰিখ

বিয়াৰ নিমন্ত্ৰণ পত্ৰত কিয় ছপা কৰিব লাগিব দৰা-কইনাৰ জন্ম তাৰিখ? জানক এই গুৰুত্বপূৰ্ণ খবৰটো-

বাল্য বিবাহৰ দৰে সামাজিক ব্যাধিক সমূলঞ্চে নিৰ্মূল কৰাৰ লক্ষ্যৰে মহাৰাষ্ট্ৰ চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণৰ পৰিকল্পনা কৰিছে । ৰাজ্যখনত এতিয়াৰে পৰা বিবাহৰ নিমন্ত্ৰণী পত্ৰত দৰা আৰু কইনাৰ জন্ম তাৰিখ ছপা কৰাটো বাধ্যতামূলক কৰাৰ কথা বিবেচনা কৰিছে চৰকাৰে । ৰাজ্যিক শিশু অধিকাৰ আয়োগৰ পৰামৰ্শ মৰ্মে এই প্ৰস্তাৱটো চৰকাৰে পৰীক্ষা-নিৰীক্ষা কৰি আছে ।

চৰকাৰৰ পৰিকল্পনা আৰু প্ৰস্তুতি

মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অদিতি টাটকাৰে বিধানসভাত এই কথা সদৰি কৰে । তেওঁ জনোৱা মতে, এই প্ৰস্তাৱটো কাৰ্যকৰী কৰাৰ পূৰ্বে গ্ৰামোন্নয়ন বিভাগ আৰু আইন বিভাগৰ সৈতে উচ্চস্তৰীয় পৰামৰ্শ চলাই থকা হৈছে । ইতিমধ্যে ৰাজস্থানত এই ব্যৱস্থা কাৰ্যকৰী হৈ থকাৰ পৰিপ্ৰেক্ষিতত মহাৰাষ্ট্ৰ চৰকাৰে সেই সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিছে । প্ৰয়োজন হ’লে বৰ্তমানৰ আইনী কাঠামোত সংশোধনী অনাৰ কথাও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে ।

সক্ৰিয় হৈছে প্ৰশাসন

বাল্য বিবাহ নিষিদ্ধকৰণ আইন, ২০০৬-ৰ অধীনত ৰাজ্য চৰকাৰে বলবৎকৰণ প্ৰক্ৰিয়া অধিক শক্তিশালী কৰিছে । জিলা আৰু গাওঁ পৰ্যায়ৰ শিশু সুৰক্ষা সমিতিৰ লগতে অংগনৱাড়ী কৰ্মীসকলে বাল্য বিবাহ ৰোধ কৰিবলৈ দিনে-নিশাই কাম কৰি আছে । ফলস্বৰূপে, বিগত কেইবছৰমানত বাল্য বিবাহ প্ৰতিৰোধৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে । চৰকাৰী তথ্য অনুসৰি, ২০২৪-২৫ বৰ্ষত ১,৪৯৫টা বাল্য বিবাহ বন্ধ কৰিবলৈ সক্ষম হৈছে প্ৰশাসনে ।

লক্ষ্য: ১০% ৰ তললৈ বাল্য বিবাহৰ হাৰ

বৰ্তমান মহাৰাষ্ট্ৰত বাল্য বিবাহৰ হাৰ ১৯.৬%, যিটো ৰাষ্ট্ৰীয় গড় ২০.১% তকৈ কিছু কম । অহা পাঁচ বছৰৰ ভিতৰত এই হাৰ ১০% ৰ তললৈ নমাই অনাটোৱেই চৰকাৰৰ মূল লক্ষ্য ।

লগতে পঢ়ক : ভাৰতলৈ আহিব ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প; আমেৰিকাৰ বৈদেশিক মন্ত্ৰী ৰুবিঅ’ৰ ঘোষণা

এতিয়া ৯ বছৰীয়া ছোৱালীকো বিয়া দিব পাৰিব ইৰাকত; সলনি হ’ল আইন

ইৰাকত বাল্য বিবাহ কাৰ্যকৰীভাৱে বৈধ কৰা হৈছে। ইয়াৰ অধীনত, দশক পুৰণি আইন সংশোধন কৰাৰ পিছত, ছোৱালীবোৰক এতিয়া ৯ বছৰ বয়সতে বিবাহ কৰাব পাৰে।

ইৰাকৰ এই পৰিৱৰ্তনৰ পিছত, ইয়াৰ ‘ধ্বংসাত্মক প্ৰভাৱ’ প্ৰতিহত কৰিবলৈও প্ৰতিবাদ আৰম্ভ হৈছে। দেশখনত বিবাহৰ পূৰ্বৰ নিম্নতম বয়স আছিল ১৮ বছৰ।

ইৰাকত, নতুন সংশোধনীয়ে ধৰ্মগুৰুসকলক বিবাহ, বিবাহ বিচ্ছেদ আৰু শিশু যত্নকে ধৰি পাৰিবাৰিক বিষয়ত সিদ্ধান্ত লোৱাৰ অধিকাৰ প্ৰদান কৰিছে।

আইনখনৰ অন্যতম বিশিষ্ট বিৰোধী অধিবক্তাই কৈছিল যে,  “আমি ইৰাকত মহিলা আৰু শিশুৰ অধিকাৰৰ শেষত উপনীত হৈছো,” ।

এগৰাকী সংবাদকৰ্মীয়ে কৈছে যে -মহিলাসকলৰ ভাগ্য মৌলবীসকলৰ হাতত থকাটোৱে মোক এগৰাকী মহিলা হিচাপে মোৰ জীৱনলৈ অহা সকলো বোৰলৈ ভয় লাগিছে।

মহিলা অধিকাৰ গোটবোৰে এই আইনবোৰ গৃহীত হোৱাটো ভয়াৱহ বুলি বৰ্ণনা কৰিছে। ইৰাকত বিবাহৰ বয়স সলনি হোৱাৰ পিছত প্ৰতিবাদও আৰম্ভ হৈছে।

প্ৰদৰ্শনকাৰীসকলে কয় যে ই ইৰাকৰ ১৯৫৯ চনৰ ব্যক্তিগত স্থিতি আইনক দুৰ্বল কৰে, যি পাৰিবাৰিক আইন একত্ৰিত কৰে আৰু মহিলাসকলৰ বাবে সুৰক্ষা স্থাপন কৰে।

মানৱ অধিকাৰ কৰ্মী আৰু ইৰাকী মহিলা লীগৰ সদস্য ইণ্টিছাৰ আল-মায়ালীয়ে কয়, “ই শিশুৰ জীৱনৰ অধিকাৰ উলংঘা কৰে, আৰু বিবাহ বিচ্ছেদ, জিম্মা আৰু মহিলাৰ উত্তৰাধিকাৰৰ বাবে সুৰক্ষা প্ৰণালী ব্যাহত কৰিব।”

তেওঁ লগতে কৈছিল যে এই পৰিৱৰ্তনটোৱে “কম বয়সতে বিবাহ কৰা মহিলা আৰু ছোৱালীৰ অধিকাৰৰ ওপৰত এক ধ্বংসাত্মক প্ৰভাৱ পেলাব।” “

সকলোতে চলিছে আৰক্ষীৰ অভিযান, একে নিশাই ৪১৬জন অভিযুক্তক গ্ৰেপ্তাৰ

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ আৰম্ভ অভিযান । শনিবাৰৰ নিশাৰ পৰা আৰম্ভ তৃতীয় হৈছে পৰ্যায়ৰ অভিযান । চৰ-চাপৰিৰ পৰা গাঁৱে-ভূঞে, চহৰে-নগৰে সকলোতে চলিছে অভিযান । অভিযানত এই পৰ্যন্ত গ্ৰেপ্তাৰ হৈছে ৪১৬জন অবৈধ স্বামী । এই সন্দৰ্ভত ৰাজ্যত ৰুজু হৈছে সৰ্বমুঠ ৩৩৫টা গোচৰ । ধৃত আটাইকে আজি পৃথকে পৃথকে হাজিৰ কৰোৱা হ’ব আদালতত । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত দিলে এই বিশেষ তথ্য ।

ইয়াৰ মাজতে ধুবুৰীতো নিশা উজাগৰে থাকি আৰক্ষীয়ে মাৰাথন অভিযান চলালে বাল্য বিবাহৰ বিৰুদ্ধে । এই অভিযানত অবৈধ স্বামী আৰু বাল্য বিবাহৰ লগত জড়িত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । নিশাৰ ভাগত ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হয় এইসকল অভিযপক্তক । গোলকগঞ্জত ১০, গৌৰীপুৰত ১৪, বিলাসীপাৰাত ২৩,আগমনিত ৪জনক গ্ৰেপ্তাৰ ।

গোৱালপাৰা আৰু শ্ৰীভূমিতো আৰক্ষীৰ জালত পৰিছে অবৈধ স্বামী । গোৱালপাৰাত আৰক্ষীৰ জালত পৰিছে ২০জন অবৈধ স্বামী । আনহাতে শ্ৰীভূমি জিলাতো নিশা গ্ৰেপ্তাৰ ২২জন অবৈধ স্বামী । এই পৰ্যন্ত শ্ৰী ভূমি জিলাত বাল্য বিবাহৰ বিৰুদ্ধে ৰুজু হৈছে ১৯টা গোচৰ । ইফালে বৰপেটা ৰোডত গ্ৰেপ্তাৰ ১২জন, ধুবুৰীত গ্ৰেপ্তাৰ ১৭জন, নগৰবেৰাত ৬ জন, ছাগলীয়াত বৰ্তমানলৈ আৰক্ষীৰ জালত পৰিছে ৬ জন ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই ৰাজ্যত দুবাৰকৈ চলিছিল বাল্য বিবাহ বিৰোধী অভিযান । এই দুয়োা অভিযানতে অবৈধ স্বামীসহ আৰক্ষীৰ জালত পৰিছিল বাল্য বিবাহৰ সৈতে জৰিত সহস্ৰাধিক লোক । ইয়াৰ পিছতেই এতিয়া ৰাজ্যত আৰক্ষীয়ে আৰম্ভ কৰিছে বাল্য বিবাহ বিৰোধী তৃতীয় পৰ্যায়ৰ অভিযান । এই অভিযানত অবৈধ স্বামীৰ পৰা শাহু-শহুৰ, অভিভাৱক, কাজী-পুৰোহিতলৈকে সাৰি নাযাব কোনো লোক । এই অভিযানৰ পৰা নিস্তাৰ নাপাব নাবালিকাৰ বিবাহ সম্পন্ন কৰা সকল ।