প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে তেওঁৰ সতীৰ্থ এন ডি এ সাংসদসকলৰ সৈতে ‘দ্য সবৰমতী ৰিপ’ৰ্ট’ ছবিখন উপভোগ কৰে । ছ’চিয়েল মিডিয়াত তেওঁ এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত তেওঁ ছবিখনৰ নিৰ্মাতাসকলৰ শলাগ লোৱা লয় । ইফালে এই সন্দৰ্ভত কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ সমালোচনা কৰিছে ।
Joined fellow NDA MPs at a screening of 'The Sabarmati Report.'
— Narendra Modi (@narendramodi) December 2, 2024
I commend the makers of the film for their effort. pic.twitter.com/uKGLpGFDMA
ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ছবিখনৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ‘‘দ্য সবৰমতী ৰিপ’ৰ্ট’ ছবিখনৰ নিৰ্মাতাসকলৰ মই শলাগ লৈছো আৰু এই প্ৰচেষ্টাৰ বাবে তেওঁলোকক অভিনন্দন জনাইছো ।” একে সময়তে কংগ্ৰেছৰ উপ-নেতা প্ৰমোদ তিৱাৰীয়ে চৰকাৰক তীব্ৰ আক্ৰমণ কৰি কয় যে চৰকাৰৰ বাবেই সদনৰ সময় নষ্ট হৈছে ।
অমিত শ্বাহেও ছবিখনৰ প্ৰশংসা কৰে-
গৃহমন্ত্ৰী অমিত শ্বাহে ‘দ্য সবৰমতী ৰিপ’ৰ্ট’ ছবিখনক প্ৰশংসা কৰি গোধৰাৰ সত্য উন্মোচন কৰা বুলি অভিহিত কৰে । তেওঁ এক্সত লিখিছে, “এই ছবিখনে দেশবাসীক গোধৰা কাণ্ডৰ প্ৰকৃত সত্যৰ সৈতে পৰিচয় কৰাই দিলে আৰু ইয়াক লুকুৱাই ৰখাৰ ক্ষেত্ৰত কেনেদৰে এটা সমগ্ৰ পৰিৱেশ তন্ত্ৰ জড়িত হৈ আছিল সেই কথাও কোৱা হৈছে । আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জী আৰু এন ডি এৰ সাংসদসকলৰ সৈতে এই ছবিখন প্ৰদৰ্শন কৰা হৈছে আৰু এই প্ৰশংসনীয় প্ৰচেষ্টাৰ বাবে সমগ্ৰ চলচ্চিত্ৰ দলটোক মই অভিনন্দন জনাইছো ।”
‘द साबरमती रिपोर्ट’ फिल्म ने देशवासियों को गोधरा के सच से परिचित कराया। इस फिल्म के माध्यम से लोगों को पता चल रहा है कि कैसे एक इकोसिस्टम ने इतने बड़े सच को सालों तक देश से छिपा कर रखा। आज प्रधानमंत्री श्री @narendramodi जी और NDA के सांसदों के साथ यह फिल्म देखी। इस प्रशंसनीय… pic.twitter.com/YPSqHA92wL
— Amit Shah (@AmitShah) December 2, 2024