সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে দেওবাৰে চৰকাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰে । বৈঠকত কংগ্ৰেছে আদানী আৰু মণিপুৰ বিষয়ক লৈ সংসদত আলোচনাৰ দাবী জনায় । ইয়াৰ উপৰিও বিৰোধী দলসমূহে উত্তৰ ভাৰতৰ প্ৰদূষণ আৰু ৰে’ল দুৰ্ঘটনা সন্দৰ্ভতো আলোচনাৰ দাবী উত্থাপন কৰে ।
কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীয়ে কয় যে তেওঁৰ দলে আদানী গ্ৰুপৰ বিৰুদ্ধে উৎকোচৰ অভিযোগ সন্দৰ্ভত সংসদত আলোচনাৰ অনুমতি দিবলৈ চৰকাৰক আবেদন জনাইছে । সোমবাৰে অনুষ্ঠিত হ’বলগীয়া সংসদৰ বৈঠকত এই বিষয়টো প্ৰথমে উত্থাপন হোৱাটো তেওঁৰ দলে বিচাৰে । ৰাজ্যসভাৰ সদস্য তিৱাৰীয়ে কয় যে এয়া দেশৰ অৰ্থনৈতিক আৰু নিৰাপত্তা স্বাৰ্থৰ এক গুৰুতৰ বিষয় কাৰণ কোম্পানীয়ে সৌৰ শক্তি প্ৰকল্পৰ অনুকূল চুক্তি লাভৰ বাবে ৰাজনীতিবিদ আৰু আমোলাক ২৩০০ কোটিৰো অধিক ধন আদায় দিয়াৰ অভিযোগ উত্থাপন হৈছে ।
২০ ডিচেম্বৰলৈকে চলিব এই অধিৱেশন-
সোমবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশন আৰু ২০ ডিচেম্বৰলৈকে চলিব । এই অধিবেশনৰ বাবে ৱাকফ সংশোধনী বিধেয়ককে ধৰি ১৬খন বিধেয়ক তালিকাভুক্ত কৰা হৈছে । কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আহ্বান কৰা সৰ্বদলীয় বৈঠকত বিজেপিৰ সভাপতি জে পি নাড্ডাৰ উপৰিও কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ আৰু গৌৰৱ গগৈ, টি শিৱ, হৰসিমৰাট কৌৰ বাদল আৰু অনুপ্ৰিয়া পেটেলে অংশগ্ৰহণ কৰে ।
ৱাকফ (সংশোধনী) বিলো তালিকাভুক্ত-
বাকী থকা বিধেয়কসমূহৰ ভিতৰত আছে ৱাকফ (সংশোধনী) বিধেয়ক যিখন লোকসভাত প্ৰতিবেদন দাখিল কৰাৰ পিছত দুয়োটা সদনৰ যুটীয়া সমিতিয়ে বিবেচনাৰ বাবে তালিকাভুক্ত আৰু গৃহীত কৰিছে । শীতকালীন অধিৱেশনৰ প্ৰথম সপ্তাহৰ শেষৰ দিনটোত কমিটীক প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে । কমিটীৰ প্ৰতিবেদন দাখিলৰ সময়সীমা বৃদ্ধিৰ দাবী জনাইছে বিৰোধী সদস্যসকলে । কমিটীৰ অধ্যক্ষ তথা ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ জগদাম্বিকা পালে সমিতিৰ বৈঠকত ব্যাঘাত জন্মা বুলি অভিযোগ উত্থাপন কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ হস্তক্ষেপ বিচাৰিছে ।