শ্বাৰজাহত আজি আই চি চি মহিলা টি-২০ বিশ্বকাপ ২০২৪ৰ হাইভল্টেজ এখন মেচত মুখামুখি হ’ব ভাৰত-অষ্ট্ৰেলিয়া । ছেমি ফাইনেলত স্থান নিশ্চিত কৰিবলৈ আজিৰ মেচখন ভাৰতীয় দলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ । ইফালে এইন টুৰ্ণামেন্টখনত বৰ্তমানলৈকে অষ্ট্ৰেলিয়াৰ দলটো অজেয় হৈ আছে ।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সংঘৰ্ষৰ পূৰ্বে ভাৰতীয় অপেনাৰ শ্বেফালী বাৰ্মাই কয় যে ডিফেণ্ডিং চেম্পিয়নৰ বিৰুদ্ধে আগন্তুক মেচখনত দলটোৰ মনোযোগ নেট ৰান ৰেটৰ ওপৰত থাকিব ।
আই চি চিৰ উদ্ধৃতি অনুসৰি শ্বেফালী বাৰ্মাই কয় “আমি সকলোৱে জানো যে নেট ৰান ৰেট চলি আছে আৰু আমি ইয়াক খেলি থাকোঁ । আৰু মই ভাবো যদি আপুনি ভাৰতীয় দলত খেলি আছে, আপুনি আমাক কোৱাৰ প্ৰয়োজন নাই যে আপুনি নেট ৰান ৰেটৰ তলত আছে । কাৰণ সকলোৱ বহু পৰিপক্ক আৰু সকলোৱে সকলো দেখি আছে । গতিকে, মই ভাবো এইটো ক’বলগীয়া কথা নহয় । কিন্তু অৱশ্যেই, আমাৰ মনত নেট ৰান ৰেট আছে । আৰু আমি ইয়াৰ ওপৰত গুৰুত্ব দিম ।”
নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম পৰাজয়ৰ অৰ্থ হৈছে নকআউট পৰ্যায়ত প্ৰৱেশ কৰাৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ দলটোক আজি বিজয়ৰ আৱশ্যক । যদিও তেওঁলোকে এই মেচত পৰাস্ত হয় তথাপিও যোগ্যতা অৰ্জন কৰিব পাৰে । কিন্তু এটা জয়ে তেওঁলোকক সৰ্বশ্ৰেষ্ঠ সুযোগ প্ৰদান কৰিব কিয়নো ই তেওঁলোকক ৬ পইণ্ট প্ৰদান কৰি অষ্ট্ৰেলিয়াৰ সৈতে সমতা ৰক্ষা কৰাত সহায় কৰিব আৰু দলৰ নেট ৰাণ ৰেটক বৃদ্ধিত সহায়ক হব ।
যদিও অষ্ট্ৰেলিয়া ইউ এ ইত অপৰাজিত আৰু এতিয়ালৈকে একেৰাহে তিনিটা বিজয়েৰে লাভ কৰিছে তথাপিও দলটোৰ অধিনায়ক এলিছা হিলি আৰু পেচাৰ টাইলা ভ্লামিংকৰ আঘাতৰ বাবে কিছু চাপত আছে ।
ইণ্ডিয়া স্কোৱাড-
হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মন্ধনা, শ্বেফলী বাৰ্মা, দীপ্তি শৰ্মা, জেমিমাহ ৰড্ৰিগজ, ৰিচা ঘোষ, যস্তিকা ভাটিয়া , পূজা বস্ত্ৰকাৰ, অৰুন্ধতী ৰেড্ডী, ৰেনুকা সিং ঠাকুৰ, দয়ালন হেমালাথা, আশা শোভানা, ৰাধা যাদৱ, শ্ৰেয়ংকা পাটিল, সজানা সজীৱন ।