ৰাজস্থানৰ পালি জিলাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। মঙলবাৰে নিশা প্ৰায় ২ মান বজাত এখন তীব্ৰবেগী ডাম্পাৰে খুন্দামাৰে এখন এম্বুলেন্সক। দুৰ্ঘটনাটোৰ ফলত ৪জনকৈ লোকৰ মৃত্যু হয়।
জানিব পৰা মতে অশোক নামৰ এজন ৰোগীক আহমেদাবাদৰ পৰা এম্বুলেন্সখনত যোধপুৰলৈ নি থকা হৈছিল । সেই সময়তে তেওঁৰ সৈতে তেওঁৰ পৰিয়ালৰ সদস্যসকল আছিল। হঠাতে, গজনগড়ৰ ওচৰত ৰাস্তাত এটা গৰু আহি এম্বুলেন্সখনত খুন্দা মাৰে।
ফলত এম্বুলেন্সখন ক্ষতিগ্ৰস্ত হয়। সেয়ে যোধপুৰৰ পৰা আন এখন এম্বুলেন্স মাতি সেইখনত ৰোগী সকলক পঠাই দিয়া হয়।কিন্তু ৰোগীজনক আনখন এম্বুলেন্সে লৈ যোৱাৰ সময়ত, দ্ৰুতবেগত অহা এখন ডাম্পাৰে এম্বুলেন্সখনত খুন্দা মাৰে, যাৰ ফলত মোহিনী দেৱী আৰু ফাগলী দেৱী ঘটনাস্থলীতে নিহত হয়।
আনহাতে আন দুজন লোক যোধপুৰৰ এখন চিকিৎসালয়ত মৃত্যু হয়।দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে এম্বুলেন্স খনত থকা এগৰাকী মহিলা পথৰ পৰা প্ৰায় 8 ফুট আতৰত পৰি যায়।
ঘটনাটোৰ বিষয়ে তথ্য পোৱাৰ পিছত, আৰক্ষী উপস্থিত হয় আৰু লগে লগে সকলোকে চিকিৎসালয়লৈ লৈ যায়, কিন্তু তেতিয়ালৈকে দুয়োগৰাকী মহিলাৰ মৃত্যু হয়। দুৰ্ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে ডাম্পাৰৰ চালকজনে। চালকজনক বিচাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।