গোৱালপাৰাৰ কৃষ্ণাইত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। পুৱা ঘৰৰ পৰা এখন ই-ৰিক্সাৰে মাতৃৰ সৈতে বিদ্যালয়লৈ গৈছিল কণমানি আয়ুষ ভট্টচাৰ্য্য।কৃষ্ণাইৰ এখন ব্যক্তিগত খণ্ডৰ ছাত্ৰ আছিল শিশুটি ৷
কিন্তু বিদ্যালয়লৈ গৈ থকাৰ সময়তেই সময়তে কৃষ্ণাউৰ নাঙল ষ্টেচনৰ ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰেই-ৰিস্কাখন। দুৰ্ঘটনাটোৰ ফলত মূৰত আঘাট পাইছিল শিশুটিয়ে ।
পিছত কৃষ্ণাই চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসালয়ত মৃত্যু হয় ছাত্ৰজনৰ ৷তাৰ পিছতেই স্থানীয় ৰাইজে পথ অৱৰোধ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা বন্ধৰ দাবীত ৰাইজৰ তীব্ৰ প্ৰতিবাদ ৷শিশুটিৰ মৃত্যুৰ পিছতেই সমগ্ৰ অঞ্চলতে চেপা উত্তেজনাই বিৰাজ কৰিছে ।