গোৱালাপাৰাৰ ৰংজুলিৰ দশিমাপাৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। পুত্ৰক লগত লৈ ফৰ্ড ফিগো বাহন লৈ ওলাই আহিছিল মাতৃ মিনা ৰাভা।

গোৱালপাৰা দিশে গৈ আছিল মাতৃ পুত্ৰ। হঠাৎ গুৱাহাটী অভিমুখী আহি থকা এখন যাত্ৰীবাহী বাছৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোত মাতৃ পুত্ৰৰ লগতে আন এগৰাকী মহিলাৰ থিতাতে মৃত্যু হয়।মাতৃ পুত্ৰৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
Post Views: 49