শনিবাৰে জম্মু আৰু কাশ্মীৰৰ বান্দিপোৰাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াৰ এটা পাহাৰৰ পৰা তললৈ সেনাৰ এখন বাহন।
এই দুৰ্ঘটনাত দুজন সৈনিকৰ নিহত হোৱাৰ লগতে আন পাঁচজন গুৰুতৰভাৱে আহত হৈছে।জানিব পৰা মতে সেনা বাহিনীৰ বাহনখনে বান্দিপোৰাৰ সদৰ কুট পাইন অঞ্চলৰ ওচৰত নিয়ন্ত্ৰণ হেৰুৱাই। যাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। এটা টাৰ্ণিঙত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিছিল বাহনখন।
দুৰ্ঘটনাটোৰ পিছত ততাতৈয়াকৈ সকলোকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।ঘটনাস্থলীত নিৰাপত্তা বাহিনী আৰু আৰক্ষী কৰ্মী উপস্থিত হয়। যোৱা ২০ দিনত এইটো তৃতীয় ঘটনা সেনাৰ বাহন দুৰ্ঘটনাত পতিত হোৱা।