বিগত দুবাৰৰ দৰে এইবাৰো কংগ্ৰেছে দিল্লী বিধানসভা নিৰ্বাচনত খাতা খুলিব নোৱাৰিলে । যিহেতু এইবাৰ কংগ্ৰেছে নিজৰ পূৰ্ণ শক্তি প্ৰয়োগ কৰিছিল আৰু ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীকে ধৰি দলটোৰ ডাঙৰ নেতা আৰু সকলো জ্যেষ্ঠ নেতাই প্ৰচাৰ চলাইছিল । ইয়াৰ বাহিৰেও জনসাধাৰণক তেওঁলোকৰ প্ৰতি আকৰ্ষিত কৰাৰ স্বাৰ্থত দলটোৱে বিজেপি আৰু আম আদমী পাৰ্টিতকৈ অধিক জনকল্যাণমূলক আঁচনি আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও দিল্লীৰ ভোটাৰসকলে কংগ্ৰেছক প্ৰত্যাখান কৰে । নিৰ্বাচনী প্ৰচাৰৰ সময়ত বহু কংগ্ৰেছ নেতাই দাবী কৰিছিল যে তেওঁলোকৰ দলটোৱে পুৰণি ৰাজনৈতিক ভূমি পুনৰ লাভ কৰাত সফল হ’ব । কিন্তু শেষত এই নিৰ্বাচনৰ ফলাফলত মুখথেকেছা খাবলগীয়া হয় দলটোৱে ।
য’ত শক্তিশালী আছিল, তাতো লাভ নকৰিলে সফলতা
এই নিৰ্বাচনত কংগ্ৰেছে বহু জ্যেষ্ঠ নেতাক প্ৰচাৰত থিয় কৰাইছিল । ইয়াৰ উপৰিও একাংশ নতুন মুখৰ ওপৰতো বাজি ধৰিছিল, য’ত যুৱ নেতাক অধিক অগ্ৰাধিকাৰ দিয়া হৈছিল । ইয়াৰ বাহিৰেও কংগ্ৰেছে পৰম্পৰাগতভাৱে যিবোৰ অঞ্চলত মজবুত দখল আছিল সেইবোৰৰ প্ৰতি বিশেষ গুৰুত্ব দিছিল । কিন্তু এই প্ৰচেষ্টাসমূহৰ পিছতো কংগ্ৰেছে নিজৰ পুৰণি স্থিতি পুনৰ লাভ কৰাত চূড়ান্ত ব্যৰ্থ হয় ।
লাভ কৰিব নোৱাৰিলে ২০১৩ চনৰ সন্মানো-
কেৱল এয়াই নহয় ২০১৩ চনৰ নিৰ্বাচনৰ সন্মানো লাভ কৰিব নোৱাৰিলে কংগ্ৰেছে । সেই সময়ত দলটোৱে আঠখন আসন লাভ কৰিছিল । সেয়েহে তেওঁলোকৰ প্ৰদৰ্শনৰ কোনো বিশেষ উন্নতি দেখা নগ’ল । আনহাতে ২০১৩ চনৰ পূৰ্বে কংগ্ৰেছৰ সমৰ্থনৰ ভিত্তি আছিল শক্তিশালী । ১৯৯৮, ২০০৩ আৰু ২০০৮ চনত তেওঁলোকে চৰকাৰ গঠন কৰিছিল । এইদৰে দিল্লী নিৰ্বাচনত বিজেপি আৰু আম আদমী পাৰ্টিৰ মাজত কঠোৰ যুঁজ হৈছিল আৰু কংগ্ৰেছে আশা কৰিছিল যে দলটোৱে পুৰণি স্থিতি পুনৰ লাভ কৰিবলৈ সক্ষম হ’ব ।
নিৰ্বাচনৰ ফলাফলৰ পিছত বিজেপি আৰু আম আদমী পাৰ্টিয়েও কংগ্ৰেছৰ প্ৰদৰ্শনক লৈ প্ৰশ্ন উত্থাপন কৰিছে । তেওঁলোকৰ নেতাসকলে দাবী কৰিছে যে কংগ্ৰেছে দিল্লীৰ ভোটাৰৰ আস্থা হেৰুৱাইছে । তেওঁলোকৰ ভোটদানৰ শতাংশ সামান্য বৃদ্ধি হৈছে । আনহাতে দলটোৰ নেতাসকলে ডাঙৰ ডাঙৰ দাবী কৰি আছিল ।