শীতকালত মানুহে প্ৰায়ে ওজন বৃদ্ধিৰ সমস্যাৰ সন্মুখীন হয় । ঠাণ্ডা বতৰত বেছিভাগ মানুহেই ব্যায়ামৰ পৰা আঁতৰি থাকে আনকি পুৱা-গধূলি খোজ কাঢ়িবলৈ যোৱাৰ পৰাও আঁতৰি থাকে । শাৰীৰিক কাৰ্যকলাপৰ অভাৱ, খাদ্যাভ্যাসত অসাৱধানতা আৰু এলাহৰ বাবে মানুহৰ ওজন বৃদ্ধিৰ অভিযোগ বৃদ্ধি পাই ।

এইকেইটা উপায় অনুসৰণ কৰি শীতকালত ওজন কমাব পাৰিব-
প্ৰচুৰ পৰিমাণে পানী খাব লাগে-
শৰীৰৰ বাবে পানী অতি গুৰুত্বপূৰ্ণ । ই শৰীৰৰ বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ কৰে, যিয়ে শৰীৰক অতিৰিক্ত চৰ্বি হ্ৰাস কৰাত সহায় কৰে । যেতিয়াই আপোনাৰ কিছুমান অস্বাস্থ্যকৰ খাদ্য খোৱাৰ হেঁপাহ হয় তেতিয়াই এই সময়ত এগিলাচ পানী খাব লাগে । ইয়াৰ ফলত লোভ নিয়ন্ত্ৰণ হ’ব আৰু আপুনি ভোকো কম অনুভৱ কৰিব । ইয়াৰ উপৰিও শৰীৰক হাইড্ৰেটেড কৰি ৰখা, হজম শক্তি উন্নত কৰা আদি আন বহুতো উপকাৰো প্ৰদান কৰে । গতিকে দিনটোৰ ভিতৰত ৮-১০ গিলাচ পানী খাব লাগে ।
খাদ্যৰ প্লেটৰ আকাৰ কমাওক-
ই হৈছে কেলৰি কমোৱাৰ আটাইতকৈ সহজ উপায় । চেষ্টা কৰক যে যেতিয়াই আপুনি ব্ৰেকফাষ্ট, লাঞ্চ বা ডিনাৰ কৰে তেতিয়াই নিয়মিতভাৱে খোৱাতকৈ অলপ কম খাব । উদাহৰণস্বৰূপে সৰু বাটিত শাক-পাচলি লওক আৰু যদি আপুনি ৩-৪ খন ৰুটি খায়, তেন্তে ১-২ টা ৰুটি কমকৈ খাব । অথবা যদি আপুনি ভাত খায় তেন্তে সৰু কাঁহী বা থালত কম পৰিমাণে লওক । খাদ্যত চালাডৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে ।
গাখীৰ চাহৰ সলনি ভেষজ চাহ খাব লাগে-
আমি সকলোৱে গাখীৰ চাহ ভাল পাওঁ । শীতকালত আমি কেইবা কাপো চাহ খাওঁ । ইয়াৰ বাবে শৰীৰৰ ওজন বৃদ্ধি পায় । দিনটোত ১-২ কাপ চাহ খাব পাৰে, কিন্তু তাৰ লগত বিস্কুট, নিমখীয় আৰু চিপচ আদি খোৱাৰ পৰা বিৰত থাকিব । একে সময়তে বনৌষধি চাহ বা হাৰ্বেল টী খালে গৰম অনুভৱ হয়, ই হজম শক্তি উন্নত কৰে আৰু লগতে বিপাকীয় ক্ৰিয়াও বৃদ্ধি কৰে । স্বাস্থ্যৰ বাবেও বহু দিশত ই উপকাৰী । গ্ৰীণ টি, দালচেনি চাহ, ৰঙা চাহ, কেমোমিল চাহ আৰু আদাৰ চাহ আদি সেৱন কৰিব পাৰে ।
ফলমূল আৰু শাক-পাচলি খোৱাৰ পৰিমাণ বৃদ্ধি কৰক-
খাদ্যত বতৰৰ ফলমূল আৰু শাক-পাচলি অধিক অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰক । দিনটোত ৩০০-৪০০ গ্ৰাম ফলমূল আৰু শাক-পাচলি খাব লাগে । ইয়াৰ লগে লগে আপুনি কম কেলৰিত অধিক পুষ্টি লাভ কৰে । ইয়াত ডায়েটাৰী ফাইবাৰ থাকে, যাৰ ফলত আপোনাৰ পেট দীৰ্ঘ সময়লৈ ভৰি থাকে । এইদৰে আপুনি অস্বাস্থ্যকৰ খাদ্য খোৱাৰ পৰাও আঁতৰি থাকিব পাৰিব ।