খালী পেটত কেতিয়াও খাব নালাগে এই কেইটা বস্তু; হ’ব পাৰে ক্ষতি
খালী পেটত কেতিয়াও খাব নালাগে এই কেইটা বস্তু
ৰাতিপুৱা সঠিক খাদ্য গ্ৰহণ কৰা উচিত কাৰণ আপুনি যি খায় তাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰে।স্বাস্থ্য বিশেষজ্ঞৰ মতে, দিনটোৰ আৰম্ভণি স্বাস্থ্যসন্মত খাদ্যৰে কৰিব লাগে।
যাতে শৰীৰে প্ৰয়োজনীয় পুষ্টি আৰু শক্তি লাভ কৰিব পাৰে।যদিও বেছিভাগ মানুহেই চাহ বা কফিৰে দিনটো আৰম্ভ কৰে, তথাপিও ৰাতিপুৱা খালী পেটত ফলমূল খোৱাটো একাংশ লোকে লাভজনক বুলি বিবেচনা কৰে।
কিন্তু বিশেষজ্ঞৰ মতে, ৰাতিপুৱা খালী পেটত ফল-মূল খোৱাটো উপকাৰী নহয়, ক্ষতিকাৰক হ’ব পাৰে। ইয়াৰ ফলত পেটৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।
গেছ, এচিডিটি, পেট ফুলা সমস্যা হ’ব পাৰে। গতিকে ৰাতিপুৱা খালী পেটত এই তিনিটা বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে।
ব্লেক কফি- চাহ-কফি খোৱাসকলে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। বিশেষকৈ ৰাতিপুৱা খালী পেটত ব্লেক কফি পৰিহাৰ কৰিব লাগে।
কিছুমান মানুহে ব্লেক কফি শক্তিৰ বাবে সেৱন কৰে। কিন্তু খালী পেটত ব্লেক কফি খালে এচিড ৰিফ্লাক্স হ’ব পাৰে। কফিত কেফেইন পোৱা যায়, যাৰ ফলত শৰীৰত ষ্ট্ৰেছ হৰম’ন কৰ্টিছল বৃদ্ধি পায়।
টেঙা ফল-ৰাতিপুৱা ফল-মূল খোৱাটো উপকাৰী যদিও টেঙা ফল সেৱন কৰিলে ক্ষতিকাৰক হ’ব পাৰে।টেঙা ফলৰ ভিতৰত ৰাতিপুৱা খালী পেটত কমলা বা নেমু খোৱাটো ভাল নহয়।এচিডিক ফল খালে পেটত গেছ, জ্বলন আৰু এচিডিটি বৃদ্ধি পায়।
তেলীয়া খাদ্য-ৰাতিপুৱা খালী পেটত বেছিকৈ তেলীয়া খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। বেছিকৈ ভজা বা টেঙা খাদ্য খোৱাৰ ফলত পেট আৰু পাচনতন্ত্ৰৰ সমস্যা হয়।
যাৰ বাবে আপোনাৰ গধুৰতা, গেছ আৰু বদহজমৰ দৰে সমস্যা হ’ব পাৰে।ট্ৰেন্স ফেট বেছি থকা ভজা খাদ্যই পেট ফুলা, এচিডিটি বৃদ্ধি, ৰাতিপুৱাৰ ভাগৰ আৰু অলসতা আদিৰ সৃষ্টি কৰিব পাৰে।
( ইয়াত দিয়া পৰামৰ্শ সমূহ সাধাৰণ তথ্যৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)
লগতে পঢ়ক: টেটু অংকন কৰাম বুলি ভাবিছে নেকি? জানি লওক এই সমূহ গুৰুত্বপূৰ্ণ কথা
