ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বাবে ২০২৪ বৰ্ষটো আছিল উত্থান-পতনেৰে ভৰা বছৰ । এফালে ভাৰতীয় বিশ্ববিদ্যালয়সমূহে বিশ্বৰ মঞ্চত নিজৰ নাম উজলাইছে, আনহাতে আনফালে এইবাৰ প্ৰশ্ন কাকত ফাদিলৰ অভিযোগে পৰীক্ষা সংস্থা আৰু চৰকাৰক বিমোৰত পেলাইছে । কিন্তু ইয়াৰ বাহিৰেও চৰকাৰে শিক্ষা ব্যৱস্থাৰ উন্নতিৰ বাবে বহু নতুন উদ্যোগ লৈছিল । ২০২৪ চনত শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰধান পদক্ষেপসমূহৰ বিষয়ে জানক…
ৱান নেচন ৱান চাবস্ক্ৰিপচন-
শিক্ষা আৰু গৱেষণাক এক নতুন দিশ দিবলৈ চৰকাৰে ‘এক ৰাষ্ট্ৰ, এক সদস্যতা’ আঁচনি আৰম্ভ কৰে, যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত শৈক্ষিক আলোচনী, ই-বুক আৰু গৱেষণা তথ্যকোষৰ সুবিধা লাভ কৰিব । এই আঁচনিৰ অধীনত ৬ হাজাৰ কোটি টকাৰ বাজেট আবণ্টন দিয়া হৈছে । যিটো সমগ্ৰ দেশৰ বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ বাবে ডিজিটেল বিপ্লৱ বুলি প্ৰমাণিত হ’ব পাৰে ।
প্ৰধানমন্ত্ৰী বিদ্যা লক্ষ্মী আঁচনি-
২০২৪ চনত চৰকাৰে আৰম্ভ কৰিছিল পি এম বিদ্যা লক্ষ্মী যোজনা, যাৰ লক্ষ্য আছিল মেধাৱী ছাত্ৰ-ছাত্ৰীৰ আৰ্থিক বোজা হ্ৰাস কৰা । বিশেষকৈ দেশৰ ৮৬০খন প্ৰিমিয়াৰ ইনষ্টিটিউতত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই আঁচনি । এই আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলে নূন্যতম সুতৰ হাৰত শিক্ষা ঋণ লাভ কৰিব । এই আঁচনিৰ বাবে অহা ৭ বছৰত চৰকাৰে ৩৬০০ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰিছে, যাৰ ফলত প্ৰতি বছৰে ২২ লাখৰো অধিক ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব ।
প্ৰধানমন্ত্ৰী শ্ৰী-
ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ৰ অধীনত পি এম শ্ৰী বিদ্যালয় স্থাপন কৰা হৈছে, যাৰ লক্ষ্য হৈছে সামগ্ৰিক আৰু সৰ্বাংগীন শিক্ষাৰ প্ৰসাৰ কৰা । এই বিদ্যালয়সমূহৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক কেৱল শৈক্ষিক জ্ঞানৰ দিশত নহয়, সৃষ্টিশীলতা, সমালোচনাত্মক চিন্তাধাৰা আৰু চৰিত্ৰ গঠনৰ দিশতো অনুপ্ৰাণিত কৰা ।
পি এম ইন্টাৰ্ণশ্বিপ আঁচনি-
তদুপৰি চৰকাৰে আৰম্ভ কৰে পি এম ইন্টাৰ্ণশ্বিপ আঁচনি । ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী আৰু সদ্য স্নাতক প্ৰাৰ্থীসকলে চৰকাৰী বিভাগ, ৰাজহুৱা খণ্ডৰ কোম্পানী আৰু ব্যক্তিগত প্ৰতিষ্ঠানত ইন্টাৰ্ণশ্বিপ লাভ কৰাৰ সুযোগ লাভ কৰিছে । এই আঁচনিখনে শিক্ষা সমাপ্ত কৰি চাকৰিৰ সুবিধা বিচৰা যুৱক-যুৱতীসকলক এক মঞ্চ প্ৰদান কৰে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে কেৱল নিজৰ দক্ষতা বৃদ্ধি কৰাই নহয় বিভিন্ন ক্ষেত্ৰত কাম কৰাৰ অভিজ্ঞতাও লাভ কৰিব পাৰে ।