আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শপত গ্ৰহণ কৰাৰ পূৰ্বেই এক ডাঙৰ বিপদৰ সন্মুখীন হৈছে।আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হোৱাৰ কেইসপ্তাহমান পূৰ্বে ডনাল্ড ট্ৰাম্পক নিউয়ৰ্কৰ ‘হুছ মানি’ গোচৰত আদালতে ১০ জানুৱাৰীত ৰায় প্ৰদান কৰিব।
দৰাচলতে ট্ৰাম্পৰ বিৰুদ্ধে এগৰাকী পৰ্ণ ষ্টাৰক ধন দি মনে মনে থাকিবলৈ দিয়া গোচৰৰ ওপৰত শুনানি হ’ব। এই সময়ছোৱাত, ট্ৰাম্পে নিজেই আদালতত হাজিৰ হ’ব লাগিব।অৱশ্যে, বিচাৰকজনে ইংগিত দিছে যে তেওঁ কাৰাগাৰলৈ নাযাব।
ট্ৰাম্পে ২০ জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে ট্ৰাম্পে পৰ্ণ ষ্টাৰ গৰাকীক ধন পৰিশোধ কৰাৰ অভিযোগ নাকচ কৰিছিল আৰু ইয়াক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছিল।
নিউয়ৰ্কৰ ন্যায়াধীশ জুয়ান মাৰ্চিনে ইংগিত দিছিল যে তেওঁ ট্ৰাম্পক কাৰাগাৰৰ শাস্তি বা জৰিমনা নিদিব, কিন্তু তেওঁক “চৰ্তসাপেক্ষে মুক্তি” দিব।
ট্ৰাম্পক ২০ জানুৱাৰীত শপত লোৱাৰ মাত্ৰ ১০ দিন পূৰ্বে আদালতৰ শুনানিত উপস্থিত থাকিব লাগিব, যি আমেৰিকাৰ ইতিহাসৰ এক অভূতপূৰ্ব ঘটনা।
ট্ৰাম্পৰ পূৰ্বে কোনো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি, অতীত বা বৰ্তমানৰ, কোনো অপৰাধৰ বাবে অভিযুক্ত বা দোষী সাব্যস্ত হোৱা নাই।
এক বিবৃতিত ট্ৰাম্পৰ মুখপাত্ৰ ষ্টিভেন চেউঙে কয় যে “এই ক্ষেত্ৰত কোনো শাস্তি থাকিব নালাগে। এই আইনবিহীন গোচৰটো কেতিয়াও উত্থাপন কৰা উচিত নহয় আৰু সংবিধানে দাবী কৰে যে ইয়াক তৎক্ষণাৎ নাকচ কৰা হ’ব,” ।