শনিবাৰে পুৱা পোপ ফ্ৰান্সিছৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠিত হ’ব । ভেটিকানে এই অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিছে । ইফালে কফিনত থকা পোপ ফ্ৰান্সিছৰ প্ৰথমখন ছবি প্ৰকাশ পাইছে । ফটোত ভেটিকানৰ ৰাজ্যিক সচিবক পোপ ফ্ৰান্সিছৰ ওচৰত প্ৰাৰ্থনা কৰা দেখা গৈছে । ভেটিকানৰ তথ্য অনুসৰি শনিবাৰে পুৱা ১০ বজাত পোপ ফ্ৰান্সিছৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব । এই প্ৰক্ৰিয়া কলেজ অৱ কাৰ্ডিনেলছৰ ডীনৰ দ্বাৰা সম্পন্ন কৰা হ’ব আৰু কাৰ্ডিনেলসকলে বুধবাৰে পুৱা ছেইণ্ট পিটাৰ বেচিলিকাত পোপ ফ্ৰান্সিছৰ ৰাজহুৱা দৰ্শন আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে ।
তামিলনাডু চৰকাৰৰ হৈ পোপ ফ্ৰান্সিছৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব মন্ত্ৰী এছ এম নাছাৰ আৰু ড° এছ ইনিগো ইৰুদয়াৰাজে । তামিলনাডু বিধানসভাই প্ৰয়াত পোপ ফ্ৰান্সিছক শ্ৰদ্ধাঞ্জলি জনাই শোক প্ৰস্তাৱ গৃহীত কৰে ।
২১ এপ্ৰিলত ৮৮ বছৰ বয়সত পোপ ফ্ৰান্সিছৰ মৃত্যু হয় । লেটিন আমেৰিকাৰ পৰা অহা প্ৰথমজন পোপ আছিল তেওঁ । তেওঁ পুৱা ৭.৩০ বজাত (স্থানীয় সময় অনুসৰি) নিজৰ বাসগৃহ ভেটিকানৰ কাছা চান্টা মাৰ্টাত শেষ নিশ্বাস ত্যাগ কৰে । ভেটিকান নিউজৰ তথ্য অনুসৰি তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল । কালি ইষ্টাৰ উপলক্ষে তেওঁ বহুদিনৰ মূৰত ৰাইজৰ আগত উপস্থিত হৈছিল ।