পাৰ্থ টেষ্টত ইতিহাস সৃষ্টি কৰিছে যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুলে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ৰাহুল আৰু যশস্বীয়ে গঢ়ে শতকীয় অংশীদাৰিত্ব । ২০০৪ চনৰ পিছত ভাৰতীয় অ’পেনাৰে অষ্ট্ৰেলিয়াত প্ৰথমবাৰৰ বাবে শতকীয় অংশীদাৰিত্ব গঢ়ি তুলিছে । ৰাহুল আৰু যশস্বীয়ে শক্তিশালী প্ৰদৰ্শন কৰাৰ লগতে অৰ্ধশতকো অৰ্জন কৰে । দুয়োজনে টিম ইণ্ডিয়াৰ স্ক’ৰ ১৭২ ৰানৰ ওচৰলৈ লৈ যায় ।
দৰাচলতে ২০০৪ চনৰ পৰা ভাৰতীয় অ’পেনাৰে অষ্ট্ৰেলিয়াত টেষ্টত শতকীয় অংশীদাৰিত্ব গঢ়ি তুলিব পৰা নাছিল । কিন্তু যশস্বী আৰু ৰাহুলে এই অভিলেখ গঢ়ে । ২০ বছৰৰ পাছত এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে দুয়োজন বেটছমেনে । দুয়োজনে টিম ইণ্ডিয়াৰ স্ক’ৰ ১৭২ ৰানলৈ বৃদ্ধি কৰে । দুয়োজন বেটছমেনৰ সহায়ত ভাৰতে দ্বিতীয় ইনিংছত, দিনটোৰ শেষলৈকে ৫৭ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ ১৭২ ৰাণ সংগ্ৰহ কৰিছে । যশস্বীয়ে ৯০ আৰু ৰাহুলে ৬২ ৰানত অপৰাজিত হৈ আছে ।
ৰাহুল আৰু যশস্বীৰ নামত আন এক অভিলেখ –
যশস্বী আৰু ৰাহুলৰ নামত আন এক অভিলেখ পঞ্জীয়ন হৈছে । অষ্ট্ৰেলিয়াত অ’পেনাৰ হিচাপে সৰ্বাধিক বলৰ সন্মুখীন হোৱা যুটিত পৰিণত হৈছে যশস্বী-ৰাহুল । দিনটোৰ শেষলৈ দুয়োজনে ৫৭ অভাৰ খেলিছে । পাৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে টিম ইণ্ডিয়াই । ভাৰতে ২১৮ ৰানত অধিক অগ্ৰগতি লাভ কৰিছে ।
বলিংত নিজৰ শক্তি প্ৰদৰ্শন কৰিলে টিম ইণ্ডিয়াই –
টিম ইণ্ডিয়াৰ বলাৰসকলে এই টেষ্টত মাৰাত্মক বলিং কৰিছে । ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত ১৫০ ৰানৰ স্ক’ৰত অল আউট হৈছিল । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে অষ্ট্ৰেলিয়াৰ দলটোৱে প্ৰথম ইনিংছত মাত্ৰ ১০৪ ৰানহে সংগ্ৰহ কৰে । ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে মাৰাত্মক বলিং কৰি ৫টা উইকেট দখল কৰে । মহম্মদ ছিৰাজে ২টা উইকেট দখল কৰে । হৰ্ষিত ৰাণাই ৩টা উইকেট দখল কৰে ।