অভিনেতা চলমান খানৰ বাবে পুনৰ আহিছে ভাবুকিৰ বাৰ্তা।মুম্বাই ট্ৰেফিক আৰক্ষীলৈ পঠিয়াইছে এই ভাবুকিৰ বাৰ্তা । বাৰ্তাৰ প্ৰেৰণ কৰা গৰাকীয়ে নিজকে লৰেন্স বিষ্ণোই দলৰ ঘনিষ্ঠ বুলিও কৈছে। জানিব পৰা মতে মুম্বাই ট্ৰেফিক আৰক্ষীৰ হোৱাটছএপ নম্বৰলৈ আহিছিল ভাবুকিৰ বাৰ্তাটো।য’ত অভিনেতা চলমান খানৰ পৰা লৰেন্স বিষ্ণোইৰ সৈতে দীৰ্ঘদিনীয়া শত্ৰুতা সমাপ্ত কৰিবলৈ ৫ কোটি টকা দাবী কৰিছে।বাৰ্তাবাহকজনে দাবী কৰিছিল যে তেওঁ চলমান খান আৰু লৰেন্স দলৰ মাজত মীমাংসা কৰি দিব।তেওঁ লগতে লিখিছে “যদি চলমান খানে জীয়াই থাকিব বিচাৰে আৰু লৰেন্স বিষ্ণোইৰ সৈতে তেওঁৰ শত্ৰুতা সমাপ্ত কৰিব বিচাৰে, তেন্তে ইয়াক সহজভাৱে নল’ব,গতিকে সোনকালে ৫ কোটি টকা দিব লাগিব। যদি পইচা নিদিয়ে তেনেহলে চলমান খানৰ অৱস্থা বাবা চিদ্দিকীৰ দৰে অৱস্থা হ’ব“। বিষয়টোৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত।