বুধবাৰৰ পৰা কাৰ্যকৰী হোৱা হিজবুল্লাহ-ইজৰাইলৰ যুদ্ধবিৰতি বহুলাংশে চলি আছে যদিও সীমান্ত অঞ্চলত মাজে মাজে উলংঘা হোৱাৰ বাতৰি দুয়োপক্ষই প্ৰকাশ পাইছে।
দক্ষিণ লেবাননত ইজৰাইলৰ বিমান আক্ৰমণত দুজন লোক নিহত হোৱাৰ লগতে আন ছয়জন আহত হয়।জনস্বাস্থ্য মন্ত্ৰালয়ৰ জনস্বাস্থ্য জৰুৰীকালীন পৰিচালনা কেন্দ্ৰই শনিবাৰে বিবৃতিত প্ৰকাশ কৰা অনুসৰি মাজদাল জৌন গাঁৱত ইজৰাইলী বিমান আক্ৰমণত ৭ বছৰীয়া শিশুকে ধৰি তিনিজন লোক আহত হয়।
ইজৰাইলে আল-বিছাৰিয়া গাঁৱত অভিযান চলাই এজন নাগৰিক হত্যা কৰে।ইফালে চৰকাৰী ৰাষ্ট্ৰীয় সংবাদ সংস্থাই কয় যে, “ৰাব এল থালাথিন গাঁৱত ইজৰাইলৰ অভিযানত দুজন লোকৰ মৃত্যু আৰু দুজন লোক আহত হয় আৰু টাইবেহ জল প্ৰকল্পত আৰ্টিলাৰীৰ গুলীবৰ্ষণ ৰেকৰ্ড কৰা হৈছে।”
লেবাননৰ এক সামৰিক সূত্ৰই ছিনহুয়াক জনোৱা মতে, সীমান্তৱৰ্তী কাফ্ৰ কিলা গাঁৱৰ পৰা দক্ষিণ লেবাননৰ পূব দিশৰ ডেইৰ মিমাছ গাঁৱলৈ ইজৰাইলৰ এটা বাহিনী প্ৰায় ৪ কিলোমিটাৰ আগবাঢ়িছিল।
ইজৰাইল আৰু হিজবুল্লাহৰ মাজত যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ তিনিদিন পিছত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে ইয়াৰ পূৰ্বে শনিবাৰে ইজৰাইলৰ বায়ুসেনাই লেবাননৰ দক্ষিণ-পশ্চিম, দক্ষিণ আৰু গভীৰ অঞ্চলত হিজবুল্লাহৰ চাৰিটা লক্ষ্যত বিমান আক্ৰমণ চলায়।বুধবাৰৰ পৰা কাৰ্যকৰী হোৱা হিজবুল্লাহ-ইজৰাইলৰ যুদ্ধবিৰতি বহুলাংশে চলি আছে যদিও সীমান্ত অঞ্চলত মাজে মাজে উলংঘা হোৱাৰ বাতৰি দুয়োপক্ষই প্ৰকাশ পাইছে।